Home বিবিধ ইহুদী । The Jews

ইহুদী । The Jews

0

ইহুদী । The Jews

ইহুদী । The Jews

ইহুদী । The Jews

ইহুদী । The Jews

ইহুদি এক একেশ্বৰবাদী ধৰ্মীয় সম্প্ৰদায় । ইহুদীসকল অ’ল্ড টেষ্টামেণ্টত উল্লিখিত  হিব্ৰুসকলৰ বংশধৰ। প্ৰায় পাঁচ হাজাৰ বছৰ পূৰ্বে টাইগ্ৰীছ আৰু ইউফ্ৰেটিছ নদীৰ পাৰত তেওঁলোকৰ ইতিহাসৰ সূচনা হয়। ‘ইহুদী’ শব্দটো হিব্ৰু ভাষাৰ ‘ইয়াহু’ বা জিহোভা শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ ‘পৰমেশ্বৰ’।

হিব্ৰু ভাষাত লিখা অ’ল্ড টেষ্টামেণ্ট ইহুদীসকলৰ ধৰ্মগ্ৰন্থ। তেওঁলোক এক ঈশ্বৰত বিশ্বাসী। তেওঁলোকৰ জীৱন-প্ৰণালীৰ নীতি-নিয়ম তথা আদৰ্শসমূহ ঈশ্বৰেই গঢ়ি দিছে বুলি ইহুদীসকলে বিশ্বাস কৰে।

ছিনাগগ্‌ তেওঁলোকৰ উপাসনা গৃহ। ইহুদী ধৰ্মৰ সামাজিক ক্ষেত্ৰত নেতৃত্ব দিয়া লোকক ৰাব্বি বোলে। শ শ বছৰ ধৰি বিশ্বত সিঁচৰিত হৈ থকা ইহুদীসকলৰ মাজত এওঁলোকে সমন্বয় ৰক্ষা কৰি আহিছে। 1999 চনৰ পৰিসংখ্যা অনুসৰি পৃথিৱীত ইহুদী ধৰ্মাৱলম্বী লোকৰ সংখ্যা 1,48,90,000 (পৃথিৱীৰ মুঠ জনসংখ্যাৰ 0.3 শতাংশ)।  0 0 0.

আপুনি ভাল পাব পাৰে: ঈদ 

Previous articleঈদ। Ed
Next articleইষ্ট ইণ্ডিয়া কোম্পানী ।  East India Company 2023
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here