কাল | Tenses in Assamese
কাল | Tenses in Assamese
(কাল | Tenses in Assamese): ‘কাল’ শব্দই কোনো কাৰ্য কৰা বা নকৰা বা কোনো ঘটনা ঘটা বা নঘটাৰ সময়ক নিৰ্দ্দেশ কৰে। সেয়ে ক্ৰিয়াৰ সময়কে কাল (Tense) বুলি কোৱা হয়।
কাল প্ৰধানতঃ তিনিটা, যথা–
(১) বৰ্তমান কাল (Present Tense)
(২) অতীত কাল বা ভূত কাল (Past Tense) আৰু
(৩) ভৱিষ্যত কাল (Future Tense)।
তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।
বৰ্তমান কাল (Present Tense)
যি ক্ৰিয়াই বৰ্তমান সময়ত কোনো কাম কৰা, হোৱা বা নোহোৱা বুজায় তাকে বৰ্তমান কাল বোলে। উদাহৰণ–
ললিতাই কিতাপ পঢ়ি আছে।
আমি ফল খাওঁ।
অসমীয়া ব্যাকৰণত বৰ্তমান কালক দুটা ভাগত ভাগ কৰা ছৈে, যথা–
(ক) নিত্য বৰ্তমান কাল (Infinite Present Tense) আৰু
(খ) স্বৰূপ বৰ্তমান কাল (Similar Present Tense)
(ক) নিত্য বৰ্তমান কাল (Infinite Present Tense)
যি ক্ৰিয়াই কোনো কাম নিয়ম মতে বা প্ৰাকৃতিকভাবে সদায় ঘটি থকা সময়ৰ নিৰ্দ্দেশ কৰে, তাকে নিত্য বৰ্তমান কাল বোলে। উদাহৰণ–
বহাগত কুলিয়ে মাতে।
সূৰ্য পূৱপিনে উদয় হয়।
পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে।
বহাগত বৰদৈচিলা বয়।
(খ) স্বৰূপ বৰ্তমান কাল (Similar Present Tense)
যি ক্ৰিয়াই কাৰ্য চলি থকা বা এইমাত্ৰ শেষ হোৱা বুজায় তাকে স্বৰূপ বৰ্তমান কাল বোলে। উদাহৰণ–
ৰাকেশে বল খেলি আছে।
ডেভিড লিখি আছে।
তাই ভাত খাই আছে।
অতীত কাল বা ভূত কাল (Past Tense)
যি ক্ৰিয়াৰ কাম অতীতত শেষ হৈ গৈছে তাকে অতীত বা ভূত কাল বোলে। উদাহৰণ–
তাই চিঠি লিখিছিল।
আমি আম খাইছিলো।
সি আহিলে ৰঘু গ’লাহেঁতেন। ইত্যাদি।
অসমীয়া ব্যাকৰণত অতীত কালক তিনিটা ভাগত ভগোৱা হৈছে, যথা–
(ক) স্বৰূপ ভূত কাল (Similar Past Tense)
(খ) অপূৰ্ণ ভূত কাল (Incomplete Past Tense)
(গ) সম্ভাব্য ভূত কাল (Possible Past Tense)
(ক) স্বৰূপ ভূত কাল (Similar Past Tense)
যি ক্ৰিয়াই কোনো কাম আগতে শেষ হৈ যোৱা বুজায় তাকে স্বৰূপ ভূত কাল বোলে। উদাহৰণ–
পানাই এইখন বিদ্যালয়ত পঢ়িছিল।
তাই ভাত খাইছিল।
সি ইয়াতে বাস কৰিছিল।
(খ) অপূৰ্ণ ভূত কাল (Incomplete Past Tense)
যি ক্ৰিয়াৰ কাম অতীতত ঘটা কোনো ক্ৰিয়াৰ আগতে সংঘটিত হোৱা বুজায় সেই ক্ৰিয়াৰ কালক অপূৰ্ণ ভূত কাল বোলে। উদাহৰণ–
লীলা অহাৰ সময়ত মই লিখি আছিলো।
আমি স্কুললৈ যোৱা সময়ত সি দৌৰিছিল।
(গ) সম্ভাব্য ভূত কাল (Possible Past Tense)
অতীত কালত কোনো এটা ক্ৰিয়াৰ কাম সম্পন্ন হোৱাৰ কথা আছিল যদিও ক্ৰিয়াৰ কাম সম্পন্ন নোহোৱাকৈ সময় অতীত হৈ গ’ল, এনে ক্ৰিয়াৰ কালক সম্ভাৱ্য ভূত কাল বোলে। উদাহৰণ–
তুমি অহাহেঁতেন যাদৱ গ’লেহেঁতেন।
তাই অহাহেঁতেন সি কামটো কৰিলোহেঁতেন।
ভালদৰে পঢ়িলোঁহেঁতেন পাছ কৰিলাহেঁতেন।
মামনি উপস্থিত থাকিলে আমি গীত গালোহেঁতেন।
ভৱিষ্যত কাল (Future Tense)
যি ক্ৰিয়াৰ কাৰ্য ভৱিষ্যতে বা আগলৈ কৰা হ’ব তাকে ভৱিষ্যত কাল বোলে। উদাহৰণ–
তাই ইয়ালৈ আহিব।
সিহঁত অহা কালি মাদ্রাজলৈ যাব।
কৰিমে খেলি থাকিব।
আমি চাহ খাম।
ভৱিষ্যত কাল তিনি ধৰণে প্ৰয়োগ হোৱা দেখা যায়। যেনে ঃ
(ক) নিৰ্দ্দেশক অৰ্থত: আমি দিল্লীলৈ যাম। তাই বিদ্যালয়লৈ যাব।
(খ) অনুজ্ঞা অৰ্থত: তুমি শিক্ষকৰ কথা মানি চলিবা। প্রখৰ ৰ’দত দৌৰি নুফুৰিবা।
(গ) চলন্ত অৰ্থত: আমি লিখি থাকিম। সিহঁত গৈ থাকিব।
অনুশীলনী
(১) কাল মানে কি?
(২) অসমীয়াত কাল কেই প্ৰকাৰৰ আৰু কি কি?
(৩) বৰ্তমান কাল বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।
(৪) বৰ্তমান কাল কেই ভাগত ভাগ কৰা হৈছে? উদাহৰণসহ বুজাই লিখা।
(৫) অতীত কাল বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।
(৬) অতীত কাল কেই ভাগত ভাগ কৰা হৈছে? উদাহৰণসহ বুজাই লিখা।
(৭) ভৱিষ্যত কাল বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।
(৮) সম্ভাৱ্য ভূত কাল বুলিলে কি বুজা? তিনিটামান উদাহৰণ দিয়া।

(৮) সম্ভাৱ্য ভূত কাল বুলিলে কি বুজা? তিনিটামান উদাহৰণ দিয়া। ০ ০ ০
Read More: বাক-সংহতি