Home Ass Grammar কাৰক । Case in Assamese 2023

কাৰক । Case in Assamese 2023

0

কাৰক । Case in Assamese

কাৰক Case in Assamese

কাৰক । Case in Assamese

কোনো বাক্যত ক্ৰিয়াৰ সৈতে সম্বন্ধ থকা পদক কাৰক (Case) বোলে। যেনে-

“সভাপতিজনে বাসভৱনত বাকচৰ পৰা টকা উলিয়াই নিজ হাতেৰে ৰাজুক পুৰস্কৃত কৰিলে।”

এই বাক্যটোৰ ‘পুৰস্কৃত কৰিলে’  ক্ৰিয়া পদটো সম্পন্ন হোৱাৰ ক্ষেত্ৰত – সভাপতিজনে বাসভৱনত বাকচৰ পৰা টকা উলিয়াই নিজ হাতেৰে ৰাজুক-এই প্ৰত্যেকটো পদেই সহায় কৰিছে। ক্ৰিয়াটোক বিভিন্ন ধৰণে প্ৰশ্ন কৰিলে তলত দিয়া ধৰণে উত্তৰবোৰ পাম–

প্ৰশ্ন উত্তৰ

কোনে দান কৰিলে?—সভাপতিয়ে

কি দিছিল?টকা দিছিল।

কিহেৰে দিছিলনিজ হাতেৰে।

ক’ৰ পৰা দিছিল?—বাকচৰ পৰা।

ক’ত দিছিল?বাসভৱনত।

কাক দিছিল?—ৰাজুক।

উল্লেখিত ছয়টা পদৰ প্ৰত্যেকৰে ‘পুৰস্কৃত কৰিলে’  -এই ক্ৰিয়া পদটোৰ লগত সম্বন্ধ আছে।  ইহতঁৰ প্ৰত্যেকটোৱেই একো একোটা কাৰক।

কাৰক ছয় প্ৰকাৰৰ, যথা–

(১) কৰ্তা কাৰক (Nominative Case) 

(২) কৰ্ম কাৰক (Accusative Case)

(৩) কৰণ কাৰক (Instrumental Case)

(৪) সম্প্ৰদান কৰাক (Dative Case)

(৫) অপাদান কাৰক (Ablative Case) আৰু

(৬) অধিকৰণ কাৰক (Locative Case )। 

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

কাৰক । Case in Assamese

কৰ্তা কাৰক (Nominative Case)

কোনো বাক্যত ক্ৰিয়া সম্পন্ন কৰোতাক কৰ্তা কাৰক বোলে। কৰ্তা কাৰকত সাধাৰনত প্ৰথমা বিভক্তি হয়। অকৰ্মক ক্ৰিয়াৰ কৰ্তাত বিভক্তি উহ্য থাকিব পাৰে। উদাহৰণ–

দেৱীয়ে কামটো কৰিছে।

উক্ত বাক্যটোত ‘কামটো কৰিছে’ ক্ৰিয়াটোৰ কৰ্তা ‘দেৱী’। গতিকে ‘দেৱী’ কৰ্তা কাৰক। আৰু ইয়াত প্ৰথমা বিভক্তি যোগ হৈছে।

কৰ্তাক দুটা ভাগত ভাগ কৰা হৈছে, যথা–

(ক) মুখ্য বা স্বতন্ত্ৰ কৰ্তা আৰু  (খ) প্ৰযোজক কৰ্তা।

যি কৰ্তাই নিজে ক্ৰিয়া সম্পন্ন কৰে তাকে মুখ্য কৰ্তা বা স্বতন্ত্ৰ কৰ্তা  বোলে। উদাহৰণ–

কনকে ৰামায়ন পঢ়িছে।  কমলে বল খেলিছে।

বি. দ্ৰ: বাক্যত ক্ৰিয়াটো অসমাপিকা হ’লে সেই ক্ৰিয়াক কেৱলীয়া কৰ্তা বোলে। উদাহৰণ–

সূৰ্য ডুব হোৱাত আমি ঘৰৰ পৰা বাহিৰ হ’লো।

সি পঢ়ি খেলি থাকোতে ৰমেন আহিছিল।

উক্ত বাক্য দুটিত ‘সূৰ্য’ আৰু  ‘সি’ কেৱলীয়া কৰ্তা।

আকৌ পাঁচনী ক্ৰিয়াৰ কৰ্তাক পাঁচনী কৰ্তা আৰু যাক পাঁচি কাৰ্য কৰা হয় তাক প্ৰযোজক কৰ্তা বোলে। প্ৰযোজক কৰ্তাত কৰ্ম কাৰকৰ দ্বিতীয়া বিভক্তি যোগ হয়। উদাহৰণ–

কেঁচুৱাটোক মাকে গাখীৰ খুৱালে।  শিক্ষকে ছাত্ৰজনক গালি পাৰিলে।

কেতিয়াবা প্ৰযোজক কৰ্তাত কৰণ কাৰকৰ তৃতীয়া বিভক্তি যোগ হয়। উদাহৰণ–

দেউতাকে নয়নৰ হতুৱাই ৰুমটো ছাফা কৰিলে।

কাৰক । Case in Assamese

কৰ্ম কাৰক (Accusative Case)

কৰ্তাই যি কৰে বা যাৰ ওপৰত নিৰ্ভৰ কৰি কোনো কাৰ্য সম্পাদন কৰে তাকে কৰ্ম কাৰক বোলে। কৰ্ম কাৰকত দ্বিতীয়া বিভক্তি যোগ হয়। কিন্তু কেতিয়াবা ই লোপ পাব পাৰে।  উদাহৰণ–

শিক্ষকে নমিতাক শাস্তি দিলে।

ইয়াত শাস্তি’ দিয়া কামটো ‘না নমিতা’ৰ ওপৰত হৈছে। গতিকে ‘নমিতা’ কৰ্ম কাৰক।  ইয়াত দ্বিতীয়া বিভক্তি যোগ হৈছে। 

সজীৱ বা প্ৰাণীবাচক হ’লে বিভক্তিৰ চিন লোপ নাপায়।  উদাহৰণ–

ৰাইজে মিছলীয়াক শাস্তি দিছে।

ইয়াত ‘মিছলীয়া’ প্ৰাণীবাচক হোৱা হেতুকে ‘মিছলীয়া’ কৰ্মত দ্বিতীয়া বিভক্তি যোগ হৈছে।

কৰণ কাৰক (Instrumental Case)

যাৰ দ্বাৰা কৰ্তাই ক্ৰিয়া সম্পাদন কৰে তাকে কৰণ কাৰক বোলে। কৰণ কাৰকত তৃতীয়া বিভক্তি হয়।  উদাহৰণ– 

তপনে কলমেৰে লিখিছে। 

ইয়াত ‘লিখিছে’ ক্ৰিয়া কলমৰ দ্বাৰা সম্পন্ন হৈছে। গতিকে কলমেৰে কৰণ কাৰক।  তেনেকৈ- 

হাতেৰে কৰা হ’ল।  গাড়ীৰ গ’লে। লোৰে সজালোঁ। ইত্যাদি ।

কৰ্মবাচ্য আৰু ভাৱ বাচ্যত কৰ্তা তৃতীয়া বিভক্তি হয়।  উদাহৰণ–

নমিতাৰ দ্বাৰা কামটো কৰা হ’ল।

সম্প্ৰদান কৰাক (Dative Case)

যাক কোনো বস্তু নিজ স্বত্ব ত্যাগ কৰি দান কৰা হয় তেতিয়া দানৰ পাত্ৰক সম্প্ৰদান কাৰক বোলে। সম্প্ৰদান কাৰকত চতুৰ্থী বিভক্তি (অক, লৈ) যোগ হয়।  উদাহৰণ–

সি দুখীয়াক পাঁচ টকা দিলে।

একলব্যই নিজৰ আঙুলি কাটি গুৰুলৈ দক্ষিণা আগবঢ়াইছিল। 

ইয়াত ‘দুখীয়াক’, ‘গুৰুলৈ’ – সম্প্ৰদান কাৰক। কিয়নো এই দুজনক কিবা দিয়া বুজাইছে।

কাৰক । Case in Assamese

অপাদান কাৰক (Ablative Case)

য’ৰ পৰা ভয় পোৱা,  উৎপন্ন হোৱা, আৰম্ভ হোৱা বা পৃথক হোৱা বোধ জন্মে তাকে অপাদান কাৰক বোলে। অপাদান কাৰকত পঞ্চমী বিভক্তি ‘পৰা’ যোগ হয়। উদাহৰণ–

কুঁহিয়াৰৰ পৰা ৰস হয়। 

মেঘৰ পৰা বৰষুণ হয়। 

পেট্ৰলিয়ামৰ পৰা কেৰাচিন তেল হয়। 

শিক্ষকজন কোঠাৰ পৰা ওলাই গ’ল। 

মোক  পাই তেওঁ ভয়ৰ পৰা ৰক্ষা পৰিল।

অধিকৰণ কাৰক (Locative Case)

য’ত বা যিহত ক্ৰিয়া সম্পাদিত হয় তাক অধিকৰণ কাৰক বোলে। অধিকৰণ কাৰকত সপ্তমী বিভক্তি ‘ত’ যোগ হয়। উদাহৰণ–

কামালে  নদীত গা ধুইছে।

সিংহ হাবিত থাকে।

মিছলীয়াত বিশ্বাস নাই।

ইয়াত ‘গা ধোৱা’ কাম নদীত সম্পাদিত হৈছে। গতিকে ‘নদী’ অধিকৰণ কাৰক। এনেদৰে  ‘থাকে’ ক্ৰিয়া হাবিত সম্পাদিত হৈছে। গতিকে ‘হাবি’ অধিকৰণ কাৰক।

অধিকৰণ কাৰকক প্ৰধানকৈ দুই ভাগত ভাগ কৰিব পাৰি, যথা–

(ক) আধাৰাধিকৰণ কাৰক আৰু

(খ) কালাধিকৰণ কাৰক।

যিবোৰ ক্ৰিয়াই একইনা  আধাৰ (পাত্র) বুজায় অৰ্থাৎ য’ত ক্ৰিয়া সম্পাদিত হয় তাকেই আধাৰাধিকৰণ কাৰক বোলে।  উদাহৰণ–

হাবিত সিংহ থাকে।  সাগৰত মাছ  থাকে।

এই বাক্য দুটাত থকা ‘হাবিত’ আৰু ‘সাগৰত’ পদ দুটাক একোটা আধাৰ বুজাইছে।

যি ক্ৰিয়াই সম্পাদিত হোৱা সময়ক বুজায় তাক কালাধিকৰণ কাৰক বোলে।

বসন্ত কুলিয়ে মাতে। ৰাতি শেৱালী ফুলে। জেঠত বৰষুণ হয়।

কাৰক । Case in Assamese

অনুশীলনী

(১) কাৰক বুলিলে কি বুজা ?

(২) অসমীয়াত কাৰক  কেইবিধ  আৰু কি কি?

(৩) কৰ্তা কাৰক বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা। 

(৪) কৰ্ম কাৰক  বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৫) কৰণ কাৰক  বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৬) সম্প্ৰদান কাৰক বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৭) অপাদান কাৰক  বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৮) অধিকৰণ কাৰক বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৯) অধিকৰণ কাৰকৰ ভাগ কেইটা? সূত্ৰ লিখি উদাহৰণ দিয়া।  ০ ০ ০

Previous articleধাতু বিভাজন । Classification of Roots 2023
Next articleপ্ৰত্যয় । Affix in Assamese 2023
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here