গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বাতৰি কাকত
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বাতৰি কাকত
‘স্মম্ভ’ মানে খুটি। গণতন্ত্ৰ চাৰিটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত বুলি কোৱা হয়। স্তম্ভকেইটা হ’ল– আইন সভা, আইন কাৰ্যকৰী কৰা পৰিষদ (চৰকাৰ), ন্যায় বিভাগ আৰু জনমাধ্যম বা বাতিৰক কাকত। এই স্তম্ভ চাৰিটাৰ ভিতৰত কাকতক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি ধৰা হয়। কাৰণ বাতৰি কাকত গণতান্ত্ৰিক দেশৰ সদা জাগ্ৰত প্ৰহৰী।
ই বাকী তিনিটা স্তম্ভৰ কাম-কাজ জনসাধাৰণৰ আগত দাঙি ধৰে, পৰামৰ্শ প্ৰদান কৰে, সমালোচনা কৰে আৰু গণতান্ত্ৰিক আদৰ্শ বজাই ৰখাত সহায় কৰে। জনমত গঠন আৰু জনমত প্ৰকাশৰ বাবে বাতৰিকাকতেই হ’ল আটাইতকৈ শক্তিশালী মাধ্যম। সেয়ে বাতৰি কাকতক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। 0 0 0.
আপুনি ভাল পাব পাৰে: ইলেকট্রনিক ভোটিং মেছিন