Home Ass Grammar জতুৱা ঠাঁচ আৰু খণ্ডবাক্য। Phrase and Idioms in Assamese 2024

জতুৱা ঠাঁচ আৰু খণ্ডবাক্য। Phrase and Idioms in Assamese 2024

0

কোনো শব্দই যেতিয়া কোনো ধাতুৰ লগত লগলাগি ইয়াৰ আক্ষৰিক অৰ্থতকৈ বেলেগ অৰ্থ প্ৰকাশ কৰে, তেতিয়া তাক জতুৱা ঠাঁচ (Idiom) বুলি কোৱা হয়।

জতুৱা ঠাঁচ আৰু খণ্ডবাক্য Phrase and Idioms in Assamese

(জতুৱা ঠাঁচ আৰু খণ্ডবাক্য । Phrase and Idioms in Assamese): 2024

আকৌ যেতিয়া এটাতকৈ অধিক শব্দ লগলাগি কোনো নতুন অৰ্থ প্ৰকাশ কৰে তাকে খণ্ডবাক্য (Phrase) বোলে।

জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ মাজত সামান্য পাৰ্থক্য আছে। জতুৱা ঠাঁচত কোনো শব্দ ধাতুৰ লগত লগ লাগি নতুন অৰ্থ প্ৰকাশ কৰে।

আনহাতে খণ্ডবাক্যত এটা শব্দই ধাতুৰ বাহিৰে অন্য শব্দ (বিশেষ্য বা বিশেষণ) ৰ লগ লাগি নতুন অৰ্থ প্ৰকাশ কৰে। 

তলত কিছুমান জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ অৰ্থ আৰু বাক্যত সিহঁতৰ প্ৰয়োগ দেখুৱা হ’ল–

অমাতৰ মাত  (শুৱলা মাত )—অমাতৰ মাত বুলিলে শিশুৰ মাতক বুজায়  ।

অলপ ধতুৱা (সামান্য সাহ)—অলপ ধতুৱাই  জীৱনত উন্নতি কৰিব নোৱাৰা।

অজৌ গছৰ বজৌ গুটি (অতি দুষ্ট)—কনকক এক নক’বা, সি  আজৌ গছৰ বজৌ গুটি।

আহুকাণে-পহুকাণে (ইকাণে-সিকাণে)—আহুকাণে-পহুকাণে শুনিলো যে তুমি বিয়া পাতিলা।

আঁঠুৱাৰ তলৰ মহ (অধীন লোক)—নবী খুৰায়েকৰ আঁঠুৱাৰ তলৰ মহ।

আলপৈচান ধৰ (সেৱা-শুশ্ৰূষা কৰা)—গুৰুজীক আলপৈচান ধৰিবি।

আপোন পেটা (স্বাৰ্থপৰ)— আপোন পেটা ডেকাচামৰ দ্বাৰা সমাজৰ লাভ নহ’ব?

আঁকোৰ-গোজালি (একেটা কথাতে লাগি থাক)—তপন এজন  আঁকোৰ-গোজালি স্বভাৱৰ ল’ৰা ।

আকাশত চাং পতা (অস্বাভাৱিক কল্পনা কৰা)—কমল আকাশত চাং পতা ল’ৰা। 

আলাসৰ লাড়ু (অতি মৰমৰ)—সন্তান-সন্ততি  মা-দেউতাকৰ আলাসৰ লাড়ু।

আলৈ-আথানি  (অৱহেলিত, নিৰাশ্ৰয়)—দেউতাক ঢুকাবৰে পৰা ল’ৰা-ছোৱলীকেইটাৰ আলৈ-আথানি হ’ল।

আঁচলৰ ধন (অতি আদৰৰ)—নমিতা তাইৰ মাকৰ একমাত্ৰ আঁচলৰ ধন।

আলৈ-বিলৈ (দুখ-দুৰ্গতি )— পিতৃহীন  হোৱাৰ  পৰা  ল’ৰাকেইটাৰ আলৈ-বিলৈ হ’ল।

আঁঠু ল (সেৱা কৰ)—বয়োবৃদ্ধ লোকক আঁঠুলৈ আশীৰ্বাদ ল’ব লাগে।

আঁঠু কাঢ়  (আঁঠুৰে বুল বা খোজ কাঢ়)—শিক্ষকে দুষ্ট ছাত্ৰক আঁঠু কাঢ়াই থয়।

আমা-ডিমা (নিচেই সৰু)—আমা-ডিমা ল’ৰা কেইটাই  তাতে  বহি আছে।

ঊনৈশত বা বলা (আনন্দত আত্মহাৰা হোৱা)—চাকৰিটো পাই তাই  ঊনৈশত বা বলিবলৈ ল’লে।

উলহ-মালহ (অতিশয় আনন্দ)—উৰুকাৰ দিনাই ল’ৰাকেইটাৰ উলহ-মালহ  লাগিল।

এলা-পেচা (সামান্য)—ৰাম এলা-পেচা লোক নহয়।

এলাই বাদু (অকাজী)—এলাই বাদু ছোৱালীক  কোনও ভাল নাপায় ।

ওভতগোৰে নাচ (বৰ দুষ্টালি কৰ)—সি ইয়ালৈ আহি ওভতগোৰে নাচিবলৈ ল’লে।

কাণ পাত (শুনিবলৈ সাজু হ)—শিক্ষকে কি কৈছে, কাণ পাতি শুনা। 

কাণ চোৱাই থ  (মনত ৰাখিবলৈ কোনো কথা জনাই থ )—নগেনৰ দুষ্টালিৰ কথাটো তোমাক কাণ চোৱাই থলো।

কঁকালত টঙালি বান্ধ (কামলৈ সাজু হ)—লাচিত বৰফুকনে কঁকালত টঙালি বান্ধি মোগলৰ বিৰুদ্ধে থিয় দিছিল।

কাণ সৰালি মাৰ (নুশুনাৰ ভাও জোৰ)—তুমি কাণ সৰালি মাৰি নাথাকিবা।

কপাল মুকলি হ (ভাগ্য উদয় হ)—চাকৰিটো পোৱাৰ লগে লগে মধুৰ কপাল মুকলি হ’ল।

কপালৰ ঘাম মাটিত পেলা (কঠোৰ পৰিশ্ৰম কৰা)—কৃষকে কপালৰ ঘাম মাটিত পেলাইহে দুবেলা দুমুঠি খাব পাৰে। 

কাণ কৰ (মনোযোগ দে)—গুৰুজীৰ কথালৈ কাণ কৰিবা।

কাণত ধৰি ক (শপত খাই ক)—তুমি কাণত ধৰি ক’লেও তোমাৰ কথাটো আমি বিশ্বাস নকৰো।

কাণ সমনীয়া (ডেকা)—কাণ সমনীয়া হৈয়ো অকনে নিজৰ দায়িত্ব নুবুজে !

কাণ বাগৰা (লোকৰ মুখে শুনা)—কাণ বাগৰা কথাত আমি  বিশ্বাস নকৰো।

কাঠ চিতীয়া (নিষ্ঠুৰ, নিৰ্দ্দয়)—কাঠ চিতীয়া লোকৰ পৰা কোনো সহায় নাপাবা।

কাঠ-বাঁজী (একেবাৰে সন্তান নোহোৱা তিৰোতা)—কাঠ-বাঁজীজনী  এইবাৰ বছৰ বয়সত ঢুকাল।

কণাৰ লাখুটি (একমাত্ৰ সহায়)—একমাত্র নাতিনীজনীয়েই বুঢ়াটোৰ কণাৰ লাখুটি।

কথা চহকী (বেছিকৈ কথা কোৱা লোক)—ৰজনী  এজন কথা চহকী লোক।

বুকু ডাঠ (সাহসিয়াল)—আমাৰ বুকু ডাঠ ল’ৰাবোৰৰহে প্ৰয়োজন।

Read More: সমাস

কাঠ সংস্কাৰ কৰ (মৰা শ খৰি দিয়া)– আমি নগেনৰ  কাঠ সংস্কাৰ কৰিলো ।

খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা)— খাই পাত ফলা লোকৰ পৰা সাৱধানে থকাই শ্ৰেয়।

গা টঙা (নৰিয়াৰ পৰা উঠা)—গাৰ্গীয়ে  বহু দিন কষ্ট ভোগ কৰাৰ পিছতহে গা টঙালে।

গা চাই ফুৰ (সাৱধান হৈ ফুৰ)—আচহুৱা ঠাইত গা চাই ফুৰিবি।

গাই বাই চা (যত্ন কৰি চা)—কোনো কাম এবাৰত নোৱাৰিলে আকৌ গাই বাই চাব লাগে।

ঘৰ পাত (বিয়া কৰ)—সি যোৱা মাহত ঘৰ পাতিলে।

ঘৰ গোনা (সদায় ঘৰতে বহি থকা)—ঘৰ গোনা মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে।

চকু মুদ (মৃত্যু হোৱা)—ৰয়চম গোস্বামীয়ে বহু দিন কষ্ট কৰি অৱশেষত চকু মুদিলে।

চকুৰ কুটা (অপ্ৰিয় শত্ৰু)—ৰাকেশ সকলোৰে চকুৰ কুটা। 

চকুত ধূলি মাৰ (ফাঁকি দিয়া)—অকনে চকুত ধূলি মাৰি মোৰ পৰা দহ টকা সৰকালে।

চকু চৰহা (লোকৰ ভাল দেখিব নোৱাৰা)—চকু চৰহা লোকক কোনেও  ভাল নাপায়। 

চকু মুদা কুলি (প্ৰৱঞ্চক)— আদিত্য এজন তেওঁ চকু মুদা কুলিহে।

চকুৰ মণি (অতি আদৰৰ)—বৰুৱা সকলোৰে চকুৰ মণি।

চকুত লগা (ধুনীয়া, মৰম লগা)— কি যে চকুত লগা বাৰীখন বনালা!

মুখৰ ছাই গুচা (মৃতকৰ শ্ৰাদ্ধাদি কৰি শুচি হ)—আমি কেতিয়াৱাই ককাৰ মুখৰ ছাই গুচাই উঠিলো।

মুখৰ ওপৰত ক (ভয় নকৰি সন্মুখতে কথা ক)—ডাঙৰৰ মুখৰ ওপৰত কথা ক’ব নালাগে।

হাতত সাৰে ভৰিত সাৰে (মনে মনে, গোপনে)—সিদ্ধাৰ্থই  হাতত সাৰে ভৰিত সাৰে প্ৰসাদৰ পৰা ওলাই গৈছিল ।

হাত দীঘল (ক্ষমতাশালী)—ইন্দিৰা গান্ধী  এজনী হাত দীঘল নেতা আছিল।

হাত লৰ (চোৰ স্বভাৱৰ)—তোমাৰ হাত লৰ স্বভাৱটো এৰি দিয়া।

হাত সাবটি থাক (কামত প্রবৃত নোহোৱাকৈ থাক)— হাত সাবটি বহি নাথাকিবা।

হাত টান (কৃপণ)—দীপাৰ এজনী হাত টান ছোৱালী।

পেট ভাটৌ (প্ৰকাশ নকৰি পেটত কথা লুকাই ৰাখি থোৱা মানুহ)— তেওঁক প্ৰশ্ন কৰি লাভ নহ’ব   সি পেট ভাটৌহে।

পেটে ভাতে খা  (সঞ্চয় কৰিব নোৱাৰি কোনো মতে খাই বৈ থকা)— আমি কোনো মতে পেটে ভাতে খাই আছো।

পেটত হাত ভৰি লুকা (বৰকৈ ভয় পা)—সিংহটো চাইয়েই ল’ৰাটোৰ পেটতে হাত ভৰি লুকালে।

ভাতৰ ভতুৱা (অকামিলা)—ৰমেনৰ দ্ধাৰা কোনো কাম নহ’ব, সি ভাতৰ ভতুৱাহে।

মাটিৰ মানুহ  (অতি সহজ সৰল লোক)—কৰিম এজন মাটিৰ মানুহ।

হাড়ত বন গজা (বহুত দিন আগেয়ে মৰা)—ককাৰ হাড়ত বন গজিল।

হাড়ক মাটি কৰ  (কঠোৰ পৰিশ্ৰম কৰ)—কৃষকে হাড়ক মাটি কৰি পথাৰত কাম কৰে।

হাড় পেলা  (মৃত্যু হ)—ভূপেন হাজৰিকাই কেতিয়াবাই হাড় পেলালে।

হাড়ে ছালে লগা (ক্ষীণ, দুবৰ্বল)—এই হাড়ে ছালে লগা ল’ৰাটোৰ  যত্ন ল’বা ।

ভৰি নচুৱাই থাক (কাম বন নকৰি বহি থাক)—ভৰি নচুৱাই থাকিলে নহ’ব কিবা এটা কৰিব লাগিব ।

গাখীৰতে ম’ৰ খুটি (মহা সুখ)—সি  চাকৰিটো পাই গাখীৰতে ম’হৰ খুটি যেন পালে।

গোট গৰু  (মূৰ্খ)—তাইক বুজাই লাভ নাই, সি গোট গৰু।

চকুত সৰিয়হ ফুল দেখা (বৰ বিমোৰত পৰা)—দেউতাক মৰাৰ পিছত  সি চকুৱেদি সৰিয়হৰ ফুল দেখা আৰম্ভ কৰিলে।

চুক ভেকুলী (একো নজনা)—হিৰেনএজন  চুক ভেকুলী।

ডাল দৰিদ্ৰ (অতি দুখীয়া)— ডাল দৰিদ্ৰক সহায় কৰিব লাগে ।

ডলাৰ বগৰী (সঘনে ঠাই সলোৱা মানুহ)—ভূপেন এজন  ডলাৰ বগৰীহে।

ঢৌতে খৰ মাৰি (ব্যস্ততাৰ মাজত সময় উলিয়াই)—বা বহু ব্যস্ততাৰ মাজত  ঢৌতে খৰ মাৰি তোমাৰ কামটো কৰিলো।

থৈয়া-নথৈয়া (ভয়ানক)—পানীপথ নাম ঠাইত  ইব্রাহিম লোডী আৰু  বাবৰৰ মাজত থৈয়া-নথৈয়া ৰণ হৈছিল।

দোপত দোপে (ক্ৰমে ক্ৰমে)—সি  ব্যৱসায়ত দোপত দোপে উন্নতি কৰিবলৈ ল’লে।

দুখে কুলাই-পাচিয়ে নধ’ৰা (অতিশয় দুখ হোৱা)—দেউতাকৰ মৃত্যু হোৱাত ল’ৰাহঁতৰ দুখে কুলাই পাচিয়ে নধ’ৰা হ’ল।

চুঙাৰ বাদুলি (অনভিজ্ঞ মানুহ)—চুঙাৰ বাদুলি হৈ ৰাজনীতিলৈ মন নেমেলিবা দেই ।

চিলিম ছিগ (উপায় নাইকীয়া হ)—চাকৰিটো হেৰালত ডেভিডৰ  চিলিম ছিগিল।

টুপাই বুৰ মাৰ (সমূলি মিছা মাত)—খবৰটো সোধাত সি টুপাই বুৰ মাৰিলে।

ধোঁৱা-খুলীয়া (অতিপাত খৰচী)—ললিতা এজনী  ধোঁৱা-খুলীয়া ছোৱালী ।

ধোদৰ পচলা (অকামিলা)—ধোদৰ পচলাই  জীৱনত উন্নতি কৰিব নোৱাৰে।

নপতা ফুকন (নিজকে নিজে ডাঙৰ বুলি ভবা)—ৰাকেশ নপতা ফুকন হৈ বহি আছে।

নিমাও মাও (মাত বোল নোহোৱা)—নিমাও মাও হৈ বহি আছা কিয়?

নলে-গলে লগা (অতি ঘনিষ্ট, পৰম)—ৰাম আৰু ৰহিম নলে-গলে লগা বন্ধু।

নলঙা জেঙাত লাগ (অযথা মূৰ পাতি ল)—কৰিমে নলঙা জেঙাত লাগি বহুত অসুবিধাৰ সন্মুখীন হ’ল।

মূৰত সৰগ ভাগি পৰ (ঘোৰ বিপদত পৰা)—চাকৰিটো হেৰালত তাইৰ মূৰত সৰগ ভাগি পৰিল।

সান্দহ খোৱা বালি তল যা (সুবিধা সমূলি নাশ হোৱা)—এইবাৰ দালালৰ সান্দহ খোৱা বালি তল পৰিল।

ফুটুকাৰ ফেন  (অস্থায়ী, অথলে যোৱা)—তেওঁৰ সকলো প্ৰচেষ্টা ফুটুকাৰ ফেনত পৰিণত হ’ল।

বিধি পথালি দিয়া (বাধা দিয়া)—কামত বিধি পথালি নিদিবা।

বিনা মেঘে বজ্ৰপাত (অকস্মাৎ বিপদ)—মাকৰ মৃত্যুৰ খবৰ পৰিয়ালটোৰ কাৰণে বিনা মেঘে বজ্ৰপাতৰ দৰে হ’ল।

বগলী ভকত (বাহিৰে সাধু ভিতৰে অসৎ)—আমি বগলী ভকতৰ পৰা সাৱধানে থাকিব লাগে ।

বাপতি সাহোন (পৈত্ৰিক সম্পতি)—বিহু উৎসৱটি অসমীয়াৰ  বাপতি সাহোন।

মৰণত শৰণ দি (প্ৰাণ পণে)—ইব্রাহিম লোডীয়ে পানীপথৰ যুদ্ধত মৰণত শৰণ দি যুঁজিছিল যদিও পৰাজিত হয় ।

হৰিভৰ দিয়া (সন্মতি দিয়া)—তোমাৰ সিদ্ধান্তত সদায়ে আমি হৰিভৰ দি আহিছো। 

পানীৰ মিঠৈ (কাল্পনিক কথা)—তাইৰ পানীৰ মিঠৈয়ে আমাক ভুলাব নোৱাৰে।

পাবত গজা (মূল নোহোৱা)—সমাজত পাবত গজা নেতাৰ অভাৱ নাই।

পোতক তোল (প্ৰতিশোধ লোৱা)—এইবাৰ ৰাকেশে তোমাৰ অসভ্যালিৰ পোতক তুলিব। ০ ০ ০.

LEAVE A REPLY

Please enter your comment!
Please enter your name here