Home ভূগোল জয়ন্তীয়া ৰাজ্য

জয়ন্তীয়া ৰাজ্য

0

জয়ন্তীয়া ৰাজ্য

জয়ন্তীয়া ৰাজ্য

জয়ন্তীয়া ৰাজ্য

জয়ন্তীয়া ৰাজ্য

জয়ন্তীয়া পাহাৰ আৰু তাৰ দক্ষিণে সমতলৰ কিছু অঞ্চল জয়ন্তীয়া ৰাজ্যৰ অন্তৰ্গত আছিল। মাতৃ-প্ৰধান জয়ন্তীয়াসকলে আহোমৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰিছিল আৰু যুদ্ধৰ সময়ত আহোমৰ হৈ মোগলৰ বিৰুদ্ধে যুঁজ দিছিল। পৰ্বতৰায় নামৰ জয়ন্তীয়া ৰজা এজনে আনুমানিক পঞ্চদশ শতিকাত প্ৰতিষ্ঠা কৰা জয়ন্তীয়া ৰাজ্য ষষ্ঠদশ শতিকাত চিলাৰায়ে আক্ৰমণ কৰি জয়ন্তীয়া ৰজাক বধ কৰি ৰাজ্যখন কোচ ৰাজ্যৰ কৰতলীয়া কৰে। ইয়াৰ পাছত ধনমাণিক নামৰ এজন জয়ন্তীয়া ৰজাই (আনুমাণিক সপ্তদশ শতিকাৰ আৰম্ভণিতে) আহোমৰ লগ লাগি জয়ন্তীয়া ৰাজ্য উদ্ধাৰ কৰে। ধনমাণিকৰ পাছত ক্ৰমে যশমাণিক, বশমাণিক, সুন্দৰ ৰায়, বিজয় নাৰায়ণ আদি কেইবাজনো ৰজাই জয়ন্তীয়া ৰাজ্যত ৰাজত্ব কৰে। বিজয় নাৰায়ণৰ পাছতেই আহোম ৰাজ্যৰ লগত জয়ন্তীয়া ৰাজ্যও ইংৰাজৰ হাতলৈ যায়। 0 0 0.

You May Like:

Previous articleঅসমীয়া জাতি
Next articleকোচ ৰাজ্য
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here