Home Ass Grammar প্ৰতিশব্দ বা সমাৰ্থক শব্দ

প্ৰতিশব্দ বা সমাৰ্থক শব্দ

0

প্ৰতিশব্দ বা সমাৰ্থক শব্দ

প্ৰতিশব্দ বা সমাৰ্থক শব্দ Synonymous in Assamese

প্ৰতিশব্দ বা সমাৰ্থক শব্দ

(প্ৰতিশব্দ বা সমাৰ্থক শব্দ । Synonymous in Assamese): ভাষা এটিৰ  সমধৰ্মীয় বা প্ৰায় একে অৰ্থ থকাবা একার্থবোধক শব্দ (Synonyms) বোলা হয়। 

তলত কিছুমান সমাৰ্থক শব্দৰ তালিকা দিয়া হ’ল।

জুইঅগ্নি, অনল, হুতাশন, বহ্নি, পাৱক আদি।

পৃথিৱী–ভূ, ধৰিত্ৰী, বসুন্ধৰা, বসুমতী, মহী, মেদিনী, ক্ষিতি, অৱনী,  ধৰণী, ধৰা আদি।

চকু–নয়ন, লোচন, অক্ষি, নেত্ৰ  আদি।

বতাহ— মলয়া, সমীৰণ, পৱন, সমীৰ, বায়ু, অনিল আদি।

লাঠি— টাঙ্গুন, লাখুটি, টোকোন আদি।

মেঘডাৱৰ, নীৰদ, জলদ, বাৰিদ, জলধৰ আদি।

বন্ধু–বান্ধৱ, লগৰীয়া, সহচৰ, সুহূদ, সখা, মিতা, মিত্ৰ, বান্ধৈ আদি।

ইচ্ছা–অভিপ্ৰায়, আকাঙ্খা, অভিলাস, হাবিয়াস, আগ্ৰহ, কামনা, বাঞ্ছা, স্পৃহা আদি।

আকাশ–নীলিমা, শূন্য, বৌম, গগন আদি।

ঘৰ–ভৱন, নিলয়, গৃহ,  আলয় আদি।

ঈশ্বৰনাৰয়ণ, ঈশ, ইলা, বিধাতা, ভগৱান, প্ৰভু, পৰমেশ্বৰ,  জগতপতি, পতিত-পাৱন, জগত স্ৰষ্টা, ধাতা, হৰি, বিষ্ণু, পৰম পিতা, কৰুণাময়, দীনবন্ধু, পৰাৎপৰ, দয়াময় আদি।

নদীনৈ, তটিনী, স্ৰোতস্বিনী, তৰঙ্গিনী, প্ৰৱাহিনী, সৰিৎ আদি।

পবৰ্বত— শৈল, অচল, গিৰি, অদ্ৰি আদি।

চন্দ্ৰশশধৰ, নিশাকৰ, সুধাকৰ, জোন, জোনবাই, নিশাপতি, শশী, শুধাংসু আদি।

লোহিত–বৰনদী, মহাবাহু, পদ্মা , লুইত, ব্রহ্মপুত্ৰ আদি। 

ললিত–শুৱনি, মনোমোহা, সুৱদি, সুন্দৰ, ধুনীয়া আদি।

ৰং–হৰ্ষ, স্ফূর্তি, সন্তোষ, পুলক, উল্লাস, বিনন্দ, আনন্দ, বিনোদ, বিনন্দীয়া আদি।

ৰমনী–নাৰী, স্ত্ৰী, মহিলা, বণিতা, তিৰোতা, অৱলা, অঙ্গনা আদি।

ৰাতি–যামিনী, বিভাৱৰী, নিশা, ৰজনী আদি।

সূৰ্যদিবাকৰ, অৰুণ, ভাস্কৰ, আদিত্য, ৰবি, বেলি, দিনকৰ, মিহিৰ, তপন, অংশুমালী, প্ৰভাকৰ, দিনবন্ধু, ভানু,  সবিতা, মাৰ্কণ্ড, দিননাথ আদি।

বন–অৰণ্য, কাঠনি, হাবি, জঙ্গল আদি।

হাতী–ঐৰাৱত, মাতঙ্গ, কৰী, কুঞ্জৰ, হস্তী, গজ  আদি।

ছিদ্ৰজলঙা, বিন্ধা, ফুটা আদি।

পদ্মপদুম, অব্জ, সৰজিত, সৰোজ, নীৰজ, কমলিনী, নলিনী, অৰবিন্দ, পঙ্কজ, শতপত্ৰ, কমল, উৎপল,  শতদল আদি।

ঐশ্বৰ্য— সম্পদ, ধন,বৈভৱ, বিভূতি আদি।

শঙ্কৰ–মহাদেৱ, ত্ৰিনয়ন, ত্ৰিলোচন, চন্দ্ৰশেখৰ, দিগম্বৰ, শিৱ, ভোলানাথ, হৰ, গিৰীশ আদি। 

জননী–মাতৃ, মা, আই  আদি।

ৰজামহাপতি, ভূপাল, মহীপাল, ক্ষিতিশ, ৰাজন, নৃপতি, নৰেশ্বৰ, নৰপতি, সম্ৰাট, চুলতান, খলিফা আদি।

সাগৰসমুদ্ৰ, সিন্ধু, বাৰিদ আদি।

সৰস্বতীবাকদেৱী, বীনাপাণি, ভাৰতী, বিদ্যাৱতী আদি।

গঙ্গাজাহ্নবী, ভাগিৰথী, পদ্মা আদি।

ঠগীশৰাই, নৈবদ্য আদি। 

দুৰ্গাজগদ্মা, তাৰিনী, মহিষমৰ্দ্দিনী, পাবৰ্বতী, গৌৰী,  উমা, মনসা, ভৈৰবী, দশভুজা, ইন্দ্ৰানী, শিৱানী, ভদ্ৰানী, কল্যাণী, কমলা, ভগৱতী, পদ্মাৱতী, বিষহৰি, মিনাক্ষী, সন্তোষী, মাতঙ্গী, বাসন্তী, ভবানী, মঙ্গলচণ্ডী, কাত্যায়নী, কৌশিকী, গৌৰবৰ্ণা, মুণ্ডমালিনী, চামুণ্ডা,  আদি।

দিন দিবা, দিবস আদি।

ইন্দ্ৰশশীপতি, বাসৱ, দেৱৰাজ, সহস্ৰলোচন,আদি।

আৰ্হিচানেকী, উদাহৰণ, পটন্তৰ, আদৰ্শ আদি।

উত্তম— উৎকৃষ্ট, ভাল, শ্রেষ্ঠ,  সুন্দৰ আদি।

তেজশোণিত, ৰক্ত আদি।

ঊষাৰাতিপুৱা, প্ৰাতঃ, ফেঁহুজালি, আদি।

কিৰণ–পোহৰ, দীপ্তি, জেউতি, বন্তী আদি।

তৰঙ্গঢৌ, উৰ্মি, হিল্লোল, লহৰ আদি।

কথাবাণী, শব্দ, বাক্য, বচন, উক্তি আদি।

সোণস্বৰ্ণ, কাঞ্চন, হেম, সুৱৰ্ণ আদি।

অমৃতপীযুষ, সুধা  আদি।

অন্ধকাৰনিশি, তমঃ, তিমিৰ, আন্ধাৰ আদি।

ঋণধাৰ, কৰ্জ, দেনা আদি।

পণ্ডিতবিদ্বজন, বিজ্ঞ, সুধী, মনীষী, বিদ্বান, প্ৰাজ্ঞ আদি।

পতিস্বামী, নাথ, ভতৰা, ভাতাৰ, দৰা, প্ৰভু, কান্তা, অধীশ্বৰ আদি।

কুসুমপুষ্প, ফুল আদি।

হানি ক্ষতি, অনিষ্ট, লোকচান, অপকাৰ আদি।

আধুনিকঅৰ্বাচীন, নতুন আদি।

দক্ষতাপাকৈত, ক্ষমতা, পটুতা আদি।

খ্যাতিযশ, কীৰ্তি আদি।

কৰুণাদয়া, কৃপা আদি।

চিত্ৰফটো, ছবি, কল্পচিত্ৰ আদি।

দৃঢ়স্থায়ী, অটল, গজগজীয়া আদি।

কপালভাগ্য, ললাট আদি। 

প্ৰতিজ্ঞাপণ, অঙ্গীকাৰ, সংকল্পবদ্ধ আদি।

গোলাম ভৃত্য, চাকৰ, দাস আদি।

কল্যাণকুশল, মঙ্গল আদি। 

জোলোঙামোনা,বেগ, থৈলা আদি।

প্ৰকাণ্ডডাঙৰ, বৃহৎ, আদি।

চেষ্টাকাম, অধ্যাৱসায়, যত্ন আদি।

প্ৰসিদ্ধখ্যাতিমান, জনাজাত, বিখ্যাত, প্ৰখ্যাত, সুখ্যাত আদি।

বৰঙণিঅৰিহনা, মূল্য, দাম আদি।

দৈনিকসদায়, নিতৌ আদি।

পদ্ধতিপ্ৰথা, নিয়ম, প্ৰণালী আদি।

প্ৰাচীৰদেৱাল আদি। 

পটুনিপুণ, কৌশলী, পাৰ্গত, পাকৈত আদি।

মৰমস্নেহ, ভালেপাৱা আদি।

সংগ্ৰামযুদ্ধ, যুঁজ, ৰণ, সমৰ আদি।

শুকুলাবগা, শুক্ল আদি।

সৌম্য স্থিৰ, শান্ত, ধীৰ আদি।

হুবহুঅবিকল, একে, সদৃশ আদি।

জিভা— জিহ্বা, ৰসনা আদি।

নিদ্ৰাটোপনি, ঘুমটি, তন্দ্ৰা আদি।

তুষাৰহিম, বৰফ আদি।

নিয়মকানুন, প্ৰথা আদি।

বৃক্ষগছ, তৰু, বিটপ, বিৰিষ আদি।

বাটপথ, ৰাস্তা, আলি, আলিবাট আদি।

মেধাৱীজ্ঞানী, বুদ্ধিমান আদি।

সভ্যউন্নত, ভদ্ৰ, শিষ্ট, সদস্য আদি। ০ ০ ০

প্ৰতিশব্দ বা সমাৰ্থক শব্দ

You May Like:

Previous articleবিপৰীত অর্থবোধক শব্দ | Assamese Antonyms
Next articleবাক-সংহতি । Bak Sanhati
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here