প্ৰাচীন অসমৰ সীমা
প্ৰাচীন অসমৰ সীমা
প্ৰাচীন অসমৰ সীমা
অসম বুৰঞ্জী অধ্যয়নৰ বাবে প্ৰাচীন সাহিত্য, বৌদ্ধ শাস্ত্ৰ, অন্যান্য অসমীয়া ইতিহাস, বৈদেশিক বিৱৰণ, প্ৰত্নতাত্তিবক নিদৰ্শন আদিয়েই ঘাই সমল। প্ৰাচীন কালত অসম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নামেৰে প্ৰসিদ্ধ আছিল। প্ৰাগজ্যোতিষপুৰৰ সীমা পশ্চিমে কৰতোৱা নদী (বৰ্তমান বাংলাদেশত) আৰু দক্ষিণে বংগোপসাগৰলৈকে বিস্তৃত থকাৰ কথা জনা যায়। সেইদৰে প্ৰাচীন কামৰূপ ৰাজ্য কামাখ্যা মন্দিৰৰ চাৰিওফালে ৪৫০ মাইল (১০০ যোজন) জুৰি বিস্তৃত আছিল। সম্ভৱতঃ বাংলাদেশ, অসম আৰু ভূটান প্ৰাচীন কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল। কৰতোৱা নদীৰ পৰা পূৱে স্বৰ্ণকোষ বা সোণকোষ নদীলৈকে ৰত্নপীঠ, সোণকোষৰ পৰা ৰূপহী নদীলৈকে কামপীঠ, ৰূপহীৰ পৰা ভৰলী নদীলৈকে স্বৰ্ণপীঠ আৰু ভৰলীৰ পৰা দিকৰাই বা দিক্ৰঙলৈকে সৌমাৰপীঠ।
বিভিন্ন উৎসৰ পৰা আজিলৈকে পোৱা সম্ভেদমতে মহীৰংগ দানৱেই প্ৰাচীন অসমৰ প্ৰথম ৰজা। মহীৰংগ দানৱৰ পাছত তেওঁৰ বংশৰে (দানৱ বংশ) ক্ৰমে হটকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ নামেৰে তিনিজন ৰজাই ৰাজত্ব কৰে। 0 0 0.
You May Like: