Home Ass Grammar বিশেষণ পদৰ শ্ৰেণী বিভাগ। Classification of Adjective 2023

বিশেষণ পদৰ শ্ৰেণী বিভাগ। Classification of Adjective 2023

0

বিশেষ্য বা সৰ্বনাম পদৰ গুণ, দোষ, সংখ্যা, পৰিমাণ, অৱস্থা আদি বুজোৱা পদক বিশেষণ (Adjective) বোলে।

বিশেষণ পদৰ শ্ৰেণী বিভাগ। Classification of Adjective

বিশেষণ পদৰ শ্ৰেণী বিভাগ । Classification of Adjective

অসমীয়া বিশেষণ পদবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে, যথা–

(১) বিশেষ্য-বিশেষণ (Adjectival Noun) 

(২) বিশেষণীয়-বিশেষণ (Adjectival Adverb) আৰু

(৩) ক্ৰিয়া-বিশেষণ  (Adjectival Verb) 

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল ।

বিশেষ্য-বিশেষণ (Adjectival Noun)

বিশেষ্য বা সৰ্বনাম পদৰ গুণ, দোষ, অৱস্থা, আদি বুজোৱা বিশেষণ পদক বিশেষ্য-বিশেষণ বোলে। উদাহৰণ–

গুণী ছোৱালী, তিতাঁ কেৰেলা, মিঠা ফল, অভিজ্ঞ শিক্ষক ইত্যাদি।

বিশেষণীয়-বিশেষণ (Adjectival Adverb)

বিশেষণ পদক বিশেষকৈ বুজোৱা পদক বিশেষণীয় বিশেষণ বোলে।  উদাহৰণ–

অতি চতুৰ ল’ৰা, বৰ ডাঙৰ কঁঠাল, বেছি দুষ্ট ছোৱালী,  ইত্যাদি।

ক্ৰিয়া-বিশেষণ  (Adjectival Verb)

ক্ৰিয়া পদৰ ধৰণ বা অৱস্থা বুজোৱা বিশেষণক ক্ৰিয়া-বিশেষণ বোলে।  উদাহৰণ–

খৰচি মাৰি পঢ়িবা, বেগাই যোৱা, লাহে লাহে আহ  ইত্যাদি।

অনুশীলনী

(১) বিশেষণ কাক বোলে?

(২) ক্রিয়া বিশেষণ কাক বোলে ? সূত্র লিখি উদাহৰণ দিয়া।   

(৩) বৈশিষ্ট্য অনুযায়ী অসমীয়া বিশেষণ পদবোৰক কেই শ্ৰেণীত  ভাগ কৰা হৈছে? প্ৰতিবিধৰ নাম লিখি উদাহৰণ বুজাই লিখা । ০ ০ ০

Previous articleশব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ
Next articleআলোকস্তম্ভ । Light  House
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here