Home Ass Grammar শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ

0

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ

শব্দৰ অৰ্থৰ পিনৰ পৰা অসমীয়া ভাষাৰ শব্দবোৰক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে।যেনে– 

(১) যৌগিক শব্দ, 

(২)  ৰূঢ় শব্দ আৰু 

(৩) যোগৰূঢ় শব্দ।

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ

যৌগিক শব্দ

যিবোৰ শব্দ প্ৰকৃতি-প্ৰত্যয়ৰ অৰ্থকে প্ৰকাশ কৰে, সেইবোৰ শব্দক যৌগিক শব্দ বোলে। উদাহৰণ–

কৃ +তব্য = কৰ্তব্য,  

কৃ + অনীয় কৰণীয়।

চৰ += অনট = চৰণ, 

নী+ অনট = নয়ন 

এইবিলাকত প্ৰকৃতি আৰু প্ৰত্যয়ৰ অৰ্থ একে আছে।

অসমীয়া ভাষাত–

খা + অন= খাৱন,

খা+ ওঁতা = খাওঁতা,

খুন্দ্‌+ অনা = খুন্দনা ।

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ 

ৰূঢ় শব্দ

যিবোৰ শব্দই প্ৰকৃতি আৰু প্ৰত্যয়ৰ অৰ্থ নুবুজাই সুকীয়া বা নতুন অৰ্থ প্ৰকাশ কৰে সেইবোৰ শব্দক ৰূঢ়  শব্দ বোলে।  উদাহৰণ–

প্ৰ+ হৃ + ঘঞ্‌ = প্ৰহাৰ। ইয়াত ‘প্ৰ’ উপসৰ্গৰ অৰ্থ ‘ভালদৰে’, ‘হৃ’ ধাতুৰ অৰ্থ ‘হৰণ কৰা’। গতিকে ‘প্ৰহাৰ’ শব্দৰ অৰ্থ ‘ ভালকৈ হৰণ কৰা হ’ব লাগে। কিন্তু সেয়া নহৈ  সুকীয়া অৰ্থ ‘ আঘাত কৰা’ হৈছে।

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ

যোগৰূঢ় শব্দ

যিবোৰ শব্দই প্ৰকৃতি আৰু প্ৰত্যয়ৰ অৰ্থৰ উপৰিও আন বিশেষ অৰ্থ বুজায়, সেইবোৰ শব্দক যোগৰূঢ় শব্দ বোলে। উদাহৰণস্বৰূপে ‘সুহৃদ’ শব্দকে ল’ব পাৰি।  এই শব্দটোৰ মূল অৰ্থ ‘সুন্দৰ হৃদয় থকা ব্যক্তি’। কিন্তু ই তাকে নুবুজাই ‘বন্ধু’ অৰ্থ বুজায়। সেইদৰে ‘পঙ্কজ’ (পঙ্ক+জন =পঙ্কজ) । ইয়াত ‘পঙ্ক’ মানে ‘বোকা’ আৰু ‘জন’ মানে ‘জন্ম’। কিন্তু বোকাত জন্ম হোৱা বুলি আমি‘পদুম’ ফুলক ‘পঙ্কজ’ বুলি কওঁ।

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ

Read More: কাৰক

অনুশীলনী

(১) যৌগিক শব্দ বুলিলে কি বুজা ? উদাহৰণ দিয়া।

(২) ৰূঢ় শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।

(৩) অৰ্থৰ পিনৰ পৰা অসমীয়া শব্দবোৰক কেই ভাগত ভাগ কৰা হৈছে?

(৪) যোগৰূঢ় শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া। ০ ০ ০

Previous articleসৰ্বনাম পদৰ শ্ৰেণী বিভাগ। Classification of Assamese Pronoun
Next articleবিশেষণ পদৰ শ্ৰেণী বিভাগ। Classification of Adjective 2023
I'm Nazmina Begum, from Noonmati Guwahati (Assam) Admin of Assamesegrammar.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here