সন্ধি । Conjunction in Assamese
(সন্ধি । Conjunction in Assamese) সন্ধি’ বুলিলে ‘মিলন’ক বুজায়। ব্যাকৰণৰ ভাষাত ওচৰা-ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতায়টোৰ আদি বৰ্ণৰ মিলনকে বা সংযোগকে সন্ধি বোলে। উদাহৰণ–
মত + অন্তৰ = মতান্তৰ
পট + অন্তৰ = পটন্তৰ
শক + অব্দ = শকাব্দ
শোক + অগ্নি = শোকাগ্নি।
ওপৰৰ উদাহৰণ কেইটাত দেখা পাওঁ যে ‘মতান্তৰ’ শব্দটিত দুটা শব্দ যথা–‘মত’ আৰু ‘অন্তৰ’ ৰ মিলন হৈছে। সেইদৰে ‘শোকাগ্নি’ শব্দটো ক্ৰমে ‘শোক’ আৰু ‘অগ্নি’ শব্দ দুটা লগলাগি হৈছে। এনেদৰে দুটা শব্দ লগলাগি এটা শব্দ গঠণ হোৱাকেই অসমীয়া ব্যাকৰণত সন্ধি বুলি কোৱা হয়।
সন্ধি সংস্কৃত ভাষাৰ এক বৈশিষ্ট্য। অসমীয়া ভাষা সংস্কৃত মূলৰ বাবে সংস্কৃত ভাষাৰ পৰা অসমীয়া ভাষালৈ সন্ধিৰ আগমন হৈছে।
সন্ধিয়ে ভাষা এটিত তলত দিয়া কাৰ্য সম্পাদন কৰে, যথা–
(১) সন্ধিয়ে বাক্যৰ সংকোচন ঘটায়।
(২) সন্ধিয়ে শব্দৰ উচ্চাৰণলৈ মাধুৰ্যতা আনে।
(৩) সন্ধিয়ে ভাষাৰ লালিত্য বঢ়ায়।
(৪) সন্ধিয়ে ধ্বনিৰ উচ্চাৰণ দ্ৰুততৰ কৰে।
অসমীয়া ভাষাত সন্ধি তিনিটা, যেনে-
(১) স্বৰ সন্ধি (Conjunction of Vowels)
(২) ব্যঞ্জন সন্ধি (Conjunction of Consonants) আৰু
(৩) বিসৰ্গ সন্ধি (Conjunction of Bisharga in Vowels or Consonants)।
তলত এইবোৰ সন্ধিৰ বিষয়ে বিতং আলোচনা আগবঢ়োৱা হ’ল।
স্বৰ সন্ধি (Conjunction of Vowels)
স্বৰবৰ্ণৰ সৈতে স্বৰবৰ্ণৰ মিলন হৈ গঠিত হোৱা সন্ধিক স্বৰসন্ধি বোলা হয়। স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলনৰ কিছুমান নিয়ম আছে। তলত স্বৰ সন্ধিৰ নিয়মবোৰ দিয়া হ’ল।
(ক) ‘অ’ আৰু ‘অ’ মিলি ‘আ’ (অ + অ = আ) হয়। উদাহৰণ–
অজ + অসুৰ = অজাসুৰ
নৰক + অসুৰ = নৰকাসুৰ
উচ্চ + অংগ = উচ্চাংগ
বেদ + অন্ত = বেদান্ত
ক্ৰোধ + অন্বিত = ক্ৰোধান্বিত
ঘৃত + অগ্নি = ঘৃতাগ্নি
মত + অন্তৰ = মতান্তৰ
শোক + অগ্নি = শোকাগ্নি
পট + অন্তৰ = পটন্তৰ
দেশ + অধিকাৰ = দেশাধিকাৰ
কাল + অনুক্ৰম = কালানুক্ৰম
জল + অঞ্জলি = জলাঞ্জলি
পশ্চিম + অঞ্চল = পশ্চিমাঞ্চল
অম্বৰ + অধিপতি = অম্বৰাধিপতি
কল্প + অন্তৰ = কল্পান্তৰ
উচ্চ + অভিলাসী = উচ্চভিলাসী
ক্ৰম + অন্ময় = ক্ৰমান্বয়
ধৰ্ম + অৱলম্বী = ধৰ্মাৱলম্বী
দেৱ + অসুৰ = দেৱাসুৰ
সহ + অনুভূতি = সহানুভূতি
ৰূপ + অন্তৰ = ৰূপান্তৰ
নীল + অম্বৰ = নীলাম্বৰ
শক + অব্দ = শকাব্দ
লোক + অন্তৰ = লোকান্তৰ
স্ব + অধীন = স্বাধীন
দেশ + অনুৰাগী = দেশানুৰাগী
শাসন + অধীন = শাসনাধীন।
(খ) ‘অ’ আৰু ‘আ’ মিলি ‘আ’ (অ + আ = আ) হয়। উদাহৰণ–
আনন্দ + আপ্লুত = আনন্দাপ্লুত
ভাৰ + আক্ৰান্ত = ভাৰাক্ৰান্ত
সম + আদৰ = সমাদৰ
লক্ষণ + আক্ৰান্ত = লক্ষণাক্ৰান্ত
হিম + আলয় = হিমালয়
ছাত্ৰ + আবাস = ছাত্ৰাবাস
এক + আকাৰ = একাকাৰ
পুনৰ + আবৃতি = পুনৰাবৃত্তি
শুভ + আগমন = শুভাগমন
চিত্ত + আকৰ্ষক = চিত্তাকৰ্ষক
পৰম + আনন্দ = পৰমানন্দ
কৰ + আয়ত্ব = কৰায়ত্ব
চৰ্ম + আবৃত = চৰ্মবৃত
শোক + আকুল = শোকাকুল
হত + আশা = হতাশা
ৰত্ন + আকৰ = ৰত্নাকৰ
শোধন + আগাৰ = শোধনাগাৰ
শোক + আতুৰ = শোকাতুৰ
শাসন + অধীন = শাসনাধীন
দেশ + আচাৰ = দেশাচাৰ
বৃত্ত + আকাৰ = বৃত্তাকাৰ
অল্প + আৱিত = অল্পাৱিত
পূৰ্ব + আচাৰ = পূৰ্বাচাৰ
পূৰ্ব + আভাস = পূৰ্বাভাস
বৰ্ণ + আশ্ৰম = বৰ্ণাশ্ৰম।
(গ) আ’ আৰু ‘আ’ মিলি ‘আ’ (আ + আ = আ) হয়। উদাহৰণ–
বিদ্যা + আলয় = বিদ্যালয়
বিদ্যা + আৰম্ভ = বিদ্যাৰম্ভ
গৱেষণা + আগাৰ = গৱেষণাগাৰ
মহা + আশয় = মহাশয়
চিন্তা + আকুল = চিন্তাকুল
অনা + আৰ্য = অনাৰ্য
মহা + আলয় = মহালয়
শ্ৰদ্ধা + আস্পদ = শ্ৰদ্ধাস্পদ
উমা + আনন্দ = উমানন্দ
সীমা + আবদ্ধ = সীমাবদ্ধ
কথা + আষাৰ = কথাষাৰ
অনা + আসক্ত = অনাসক্ত
শিক্ষা + আগাৰ = শিক্ষাগাৰ
(ঘ) ‘আ’ আৰু ‘অ’ মিলি ‘আ’ (আ + অ = আ) হয়। উদাহৰণ–
যথা + অৰ্থ = যথাৰ্থ
সীমা + অন্ত = সীমান্ত
আজ্ঞা + অধীন = আজ্ঞাধীন
বিদ্যা + অলংকাৰ = বিদ্যালংকাৰ
মহকুমা + অধিপতি = মহকুমাধিপতি
ধাৰণা + অতীত = ধাৰণাতীত
মহা + অৰ্ঘ = মহাৰ্ঘ
ক্ষমতা + অধীন = ক্ষমতাধীন
(ঙ) ‘ই’ আৰু ‘ই’ মিলি ‘ঈ’ (ই + ই = ঈ) হয়। উদাহৰণ–
গিৰি + ইন্দ্ৰ = গিৰীন্দ্ৰ
অতি + ইন্দ্ৰিয় = অতীন্দ্ৰিয়
অভি + ইষ্ট = অভীষ্ট
প্ৰতি + ইতি = প্ৰতীতি
(চ) ‘ই’ আৰু ‘ঈ’ মিলি ‘ঈ’, ‘ঈ আৰু ‘ঈ’ মিলি ‘ঈ’ আৰু ‘ঈ’ আৰু ‘ই’ মিলি ‘ঈ’ (ই + ঈ = ঈ, ঈ + ঈ = ঈ আৰু ঈ + ই = ঈ) হয়। যেনেঃ
অধি + ঈশ্বৰ = অধীশ্বৰ
গিৰি + ইশ = গিৰীশ
বলী + ইন্দ্ৰ = বলীন্দ্ৰ
পৰি + ঈক্ষা = পৰীক্ষা
মহী + ঈশ = মহীশ
(ছ) ‘অ’ আৰু ‘ই’ ¸ মিলি ‘এ’। ‘অ’ আৰু ‘ঈ’ মিলি ‘এ’। ‘আ’¸ আৰু ‘ই’ মিলি ‘এ’ আৰু ‘আ’ আৰু ‘ঈ’ মিলি ‘এ’ (অ + ই = এ। অ + ঈ = এ। আৰু আ + ই = এ আৰু আ + ঈ = এ হয়। উদাহৰণ–
নৰ + ইন্দ্ৰ = নৰেন্দ্ৰ
নৰ + ঈশ = নৰেশ
মহা + ঈশ = মহেশ
যথা + ইষ্ট = যথেষ্ট
মহা + ঈশ্বৰ = মহেশ্বৰ
যথা + ইচ্ছা = যথেচ্ছা
ৰমা + ঈশ = ৰমেশ
পৰম + ঈশ্বৰ = পৰমেশ্বৰ
(জ) ‘অ’ আৰু উ’ মিলি ‘ও’, ‘আ’ আৰু ‘উ’ মিলি ‘ও’ (অ + উ = ও, আ + উ = ও) হয়। উদাহৰণ–
শীত + উষ্ণ = শীতোষ্ণ
প্ৰশ্ন + উত্তৰ = প্ৰশ্নোত্তৰ
বোধ + উদয় =বোধোদয়
গংগা + উৰ্মি = গংগোৰ্মি
সম + উচিত = সমুচিত
সূৰ্য + উদয় = সূৰ্যোদয়
স্নাতক + উত্তৰ = স্নাতকোত্তৰ
হিত + উপদেশ = হিতোপদেশ
মহা + উৎসৱ = মহোৎসৱ
যথা + উচিত = যথোচিত
যথা + উপযুক্ত = যথোপযুক্ত।
(ঝ) ‘অ’ আৰু ‘ঋ’ মিলি ‘ৰেফ’, ‘আ’ আৰু ‘ঋ’ মিলি ‘ৰেফ’ হয়। উদাহৰণ—
দেৱ + ঋষি = দেৱৰ্ষি
সপ্ত + ঋষি = সপ্তৰ্ষি ।
(ঞ) ‘অ’ আৰু ‘এ’ মিলি ‘ঐ’ , ‘অ’ আৰু ‘ঐ’ মিলি ‘ঐ’, ‘আ’ আৰু ‘ঐ’ মিলি ‘ঐ’ (অ + এ = ঐ, অ + ঐ = ঐ, আ + ঐ = ঐ) হয়। যেনে–
পষ + এক = পষেক
এক + এক = একৈক
তথা + এবচ = তথৈবচ
মত + ঐক্য = মতৈক্য
মহা + ঐশ্বৰ্য = মহৈশ্বৰ্য
মহা + ঐৰাৱত = মহৈৰাৱত
ৰাজ + ঐশ্বৰ্য = ৰাজৈশ্বৰ্য
জন + এক = জনৈক
হিত + এষী = হিতৈষী
(ট) ‘অ’ আৰু ‘ও’ মিলি ‘ঔ’ , ‘অ’ আৰু ‘ঔ’ মিলি ‘ঔ’, ‘আ’ আৰু ‘ঔ’ মিলি ‘ঔ’ (অ + ও = ঔ, অ + ঔ = ঔ, আ + ঔ = ঔ) হয়। যেনে–
জল + ওঘ = জলৌঘ
পৰম + ঔষধ = পৰমৌষধ
হিত + ঔষধ = হিতৌষধ
জল + ওকা = জলৌকা
বন + ঔষধ = বনৌষধ
(ঠ) ‘ই’ আৰু ‘অ’ মিলি ‘্য’ , ‘ই’ আৰু ‘আ’ মিলি ‘্য’, ‘ঈ’ আৰু ‘অ’ মিলি ‘্য’ ‘ই’ আৰু ‘উ’ মিলি ‘্য’ , ‘ই’ আৰু ‘এ’ মিলি ‘্য’, (ই + অ = ্য, ই + আ = ্য, ঈ + অ = ্য, ই + উ = ্য, আৰু ই + এ = ্য) হয়। উদাহৰণ–
অতি + অধিক = অত্যধিক
যদি + অপি = যদ্যপি
ইতি + আদি = ইত্যাদি
আদি + অন্ত = আদ্যন্ত
নদী + অম্বু = নদ্যম্বু
প্ৰতি + আশা = প্ৰত্যাশা
অতি + অন্ত = অত্যন্ত
(ড) ‘উ’ আৰু ‘অ’ মিলি ‘ব, ‘উ’ আৰু ‘আ’ মিলি ‘ব’, ‘উ’ আৰু এ‘ মিলি ‘ব’ (উ + অ = ব, উ + আ = ব আৰু উ + এ = ব) হয়। যেনে–
অনু + অয় = অন্বয়
সু + আগত = স্বাগত
সু + অস্তি = স্বস্তি
(ঢ) ‘এ’ আৰু ‘অ’ মিলি ‘অয়’ , ‘ঐ’ আৰু ‘অ’ মিলি ‘আয়’, (এ + অ = অয়, ঐ + অ = আয় ) হয়। উদাহৰণ–
শে + অন = শয়ন
গৈ + অক = গায়ক
নে + অন = নয়ন
বে + অন = বয়ন
(ণ) ‘ও’ আৰু ‘অ’ মিলি ‘অৱ’ , ‘ও’ আৰু ‘ই’ মিলি ‘অৱ’, ‘ঔ’ আৰু ‘অ’ মিলি ‘অৱ’ (ও + অ = অৱ, ও + ই = অৱ, ঔ + অ = অৱ) হয়। উদাহৰণ–
ভো + অন = ভৱন
পো + ইত্ৰ = পৱিত্ৰ
গো + এষণা = গৱেষণা
ভৌ + উক = ভাৱক
পো + অন = পৱন
(ত) ‘ঔ’ আৰু ‘ই’ মিলি ‘আৱ’, ‘ঔ’ আৰু ‘উ’ মিলি ‘আৱ’, (ঔ + ই = আৱ, ঔ + উ = আৱ ) হয়। উদাহৰণ–
নৌ + ইক = নাবিক
ভৌ + উক = ভাবুক
(থ) আমাৰ অসমীয়া ভাষাত এনে কিছুমান সন্ধি আছে যিবোৰে ওপৰৰ কোনো নিয়ম নামানে । এনেদৰে হোৱা সন্ধিক নিপাতনে সিদ্ধ সন্ধি বুলি কোৱা হয়। উদাহৰণ–
গো + ঈশ = গৱেশ
অক্ষ + ঊহিনী = অক্ষৌহিণী
মন + ঈষা = মনীষা
গো + অক্ষ = গৱাক্ষ
কুল + অটা = কুলটা
প্ৰ + উঢ় = প্রৌঢ়
ব্যঞ্জন সন্ধি (Conjunction of Consonant)
ব্যঞ্জনবৰ্ণৰ সৈতে ব্যঞ্জনবৰ্ণ বা স্বৰবৰ্ণৰ লগত ব্যঞ্জনবৰ্ণৰ মিলন ঘটি গঠিত হোৱা সন্ধিক ব্যঞ্জন সন্ধি (Conjunction of Consonant) বোলে। তলত ব্যঞ্জন সন্ধিৰ নিয়মবোৰ দিয়া হ’ল।
(ক) ‘চ’ বা ‘ছ’ পাছত থাকিলে ইয়াৰ অগ্ৰৱৰ্তী ‘ত’ আৰু ‘দ’ প্ৰথম ‘চ’ লৈ ৰূপান্তৰিত হয়। উদাহৰণ–
উৎ + ছিন্ন ঞ্চ উচ্ছিন্ন
উৎ + ছেদ = উচ্ছেদ
উৎ + চাৰণ = উচ্চাৰণ
শৰৎ + চন্দ্ৰ = শৰচ্চন্দ্ৰ
সৎ + চিন্তা = সচ্চিন্তা
(খ) ‘জ’ বা ‘ঝ’ পাছত থাকিলে ইয়াৰ অগ্ৰৱৰ্তী ‘ত’ আৰু ‘দ’ প্ৰথম ‘জ’ লৈ ৰূপান্তৰিত হয়। উদাহৰণ–
জগত + জননী = জগজ্জননী
যাবৎ + জীৱন = যাবজ্জীৱন
বিপদ + জনক = বিপদজনক
সৎ + জন = সজ্জন
উৎ + জ্বল = উজ্জ্বল।
(গ) ‘চ’ বা ‘জ’ – ৰ পাছত ‘ন’ থাকিলে ‘ন’ ৰ ঠাইত ‘ঞ’ হয়। উদাহৰণ–
যজ + ন = যজ্ঞ
ৰাজ + নী = ৰাজ্ঞী
যাচ + না = যাচ্ঞা।
(ঘ) ‘ল’ পাছত থাকিলে ইয়াৰ অগ্ৰৱৰ্তী ‘ৎ’, ‘দ’ আৰু ‘ন’ -ৰ ঠাইত ‘ল’ হয়। উদাহৰণ —
বিদ্যান + লোক = বিদ্বালোক
উৎ + লঙ্ঘন = উলঙ্ঘন
উৎ + লেখ = উল্লেখ
বিপদ + লাভ = বিপল্লাভ
(ঙ) ‘হ’ পাছত থাকিলে ইয়াৰ অগ্ৰৱৰ্তী ‘ৎ’ ৰ ঠাইত দ’ আৰু ‘হ’ ৰ ঠাইত ‘ধ’ হয়। উদাহৰণ—
উৎ + হাৰ = উদ্ধাৰ
তৎ + ইতি = তদ্ধিত
উৎ + হত = উদ্ধত
উৎ + হৃত = উদ্ধৃত
(চ) ‘ষ’ ৰ পাছত থকা ‘ত’ ৰ ঠাইত¸ ‘ট’ আৰু ‘থ’ ৰ ঠাইত ‘ঠ’ হয়। উদাহৰণ–
হৃষ + ত = হৃষ্ট
ষষ + থ = ষষ্ঠ
কৃ + তি = কৃষ্টি
পুষ + ত = পুষ্ট
বৃষ + তি = বৃষ্টি
উৎ + কৃষ + ত = উৎকৃষ্ট
আকৃষ + ত = আকৃষ্ট।
(ছ) ‘ত’ ৰ পাছত থাকিলে পদৰ মধ্যস্থিত ‘ম’ ৰ ঠাইত¸ ‘ন’ হয়। যেনে-
গম + তব্য = গন্তব্য
শাম + ত = শান্ত
সম + তাপ = সন্তাপ
(জ) অন্তঃস্থ বা উষ্ণ বৰ্ণ পাছত থাকিলে পদৰ মধ্যস্থিত ‘ম’ ৰ ঠাইত¸ ‘ং’ হয়। উদাহৰণ–
সম + যুক্ত = সংযুক্ত
সম + যম = সংযম
সম + যোগ = সংযোগ
সম + লগ্ন = সংলগ্ন
সম + হাৰ = সংহাৰ
সম + বাদ = সংবাদ
(ঝ) ‘সম’ আৰু ‘পৰি’ উপসৰ্গৰ পাছত ‘কৃ’ ধাতুৰে গঠিত হোৱা শব্দ থাকিলে উপসৰ্গৰ পাছত ‘স’ৰ আগম ঘটি সন্ধি হয়। উদাহৰণ-
সম + কাৰ = সংস্কাৰ
সম + কৰণ = সংস্কৰণ
সম + কৃত = সংস্কৃত
(ঞ) বৰ্গীয় বৰ্ণৰ পঞ্চম বৰ্ণৰ আগত থকা প্ৰথম বৰ্ণৰ ঠাইত একে বৰ্ণৰ পঞ্চম বৰ্ণ হয়। উদাহৰণ–
মৃৎ + ময় = মৃন্ময়
উৎ + নতি = উন্নতি
বাক + ময় = বাঙ্ময়
চিৎ + ময় = চিন্ময়।
(ট) আমাৰ অসমীয়া ভাষাত এনে কিছুমান সন্ধি আছে যিবোৰে ওপৰৰ কোনো নিয়ম নামানে । এনেদৰে হোৱা সন্ধিক ‘নিপাতনে সিদ্ধ সন্ধি’ বুলি কোৱা হয়। তলত কিছুমান নিপাতনে সিদ্ধ ব্যঞ্জন সন্ধি দেখুৱা হ’ল। উদাহৰণ–
হৰি + চন্দ্ৰ = হৰিশ্চন্দ্ৰ
আ + চৰ্য = আশ্চৰ্য
হিনস + অ = সিংহ
বৃহৎ + পতি = বৃহস্পতি
পতৎ + অঞ্জলি = পতঞ্জলি
দিব + লোক = দ্যুলোক
তৎ + কৰ = তস্কৰ।
সন্ধি । Conjunction in Assamese
বিসৰ্গ সন্ধি (Conjunction of Bisharga in Vowels and Consonants)
স্বৰবৰ্ণ বা ব্যঞ্জনবৰ্ণৰ সৈতে বিসৰ্গৰ মিলনত সিদ্ধ হোৱা সন্ধিক বিসৰ্গ সন্ধি বুলি কোৱা হয়। তলত বিসৰ্গ সন্ধিৰ নিয়মবোৰ দিয়া হ’ল।
(ক) ‘চ’ বৰ্গীয় বৰ্ণৰ ‘চ’ বা ‘ছ’ ‘ঃ’ ৰ পিছত থাকিলে ‘ঃ’ ৰ ঠাইত ‘শ’ হয়। উদাহৰণ–
নিঃ + চয় = নিশ্চয়
নিঃ + চিত = নিশ্চিত
শিৰঃ + চ্ছেদ = শিৰচ্ছেদ
দুঃ + চিকিৎসা = দুশ্চিকিৎসা।
(খ) ‘ট’ বৰ্গীয় বৰ্ণৰ ‘ত’ বা ‘ঠ’ ‘ঃ’ (বিসৰ্গ) ৰ পিছত থাকিলে ‘ঃ’ (বিসৰ্গ) ৰ ঠাইত ‘য়’ হয়। উদাহৰণ–
নিঃ + ঠুৰ = নিষ্ঠুৰ
ধনুঃ + টংকাৰ = ধনুষ্টংকাৰ
(গ) ‘ত’ বৰ্গীয় বৰ্ণৰ ‘ত’ বা ‘থ’ ‘ঃ’ (বিসৰ্গ) ৰ পিছত থাকিলে ‘ঃ’ ৰ ঠাইত ‘স’ হয়। উদাহৰণ–
দুঃ + তৰ = দুস্তৰ
বয়ঃ + থ = বয়স্থ
মনঃ + তাপ = মনস্তাপ
ইতঃ + ততঃ = ইতস্ততঃ
নিঃ + তেজ = নিস্তেজ
মনঃ + তত্ব = মনস্তত্ত্ব
নিঃ + তাৰ = নিস্তাৰ
মনঃ + থ = মনস্থ
(ঘ) বৰ্গীয় বৰ্ণৰ তৃতীয়, চতুৰ্থ, পঞ্চম বৰ্ণ বা ‘য’, ‘ৰ’, ‘ল’, ‘ৱ’, ‘হ’ থাকিলে ‘আ’ কাৰ আৰু ‘আ’ কাৰৰ পৰৱৰ্তী বিসৰ্গ লগলাগি ‘ও’ কাৰ হয় আৰু ই পূৰ্বৱৰ্তী আখৰত লগ লাগে। উদাহৰণ–
মনঃ + হৰ = মনোহৰ
সৰঃ + বৰ = সৰোবৰ
মনঃ + মত = মনোমত
মনঃ + ৰম = মনোৰম
অধঃ + গতি = অধোগতি
অহঃ + ৰাত্ৰ = অহোৰাত্ৰ।
(ঙ) বিসৰ্গৰ পৰৱৰ্তীৰূপে স্বৰবৰ্ণৰ তৃতীয়, চতুৰ্থ, পঞ্চম বৰ্ণ অথবা ‘য’, ‘ৰ’, ‘ল’, ‘ৱ’, ‘হ’ থাকিলে বিসৰ্গৰ ঠাইত ‘ৰ’ হয়। উদাহৰণ–
দুঃ + মূল্য = দুৰ্মূল্য
পুনঃ + আগত = পুনৰাগত
পুনঃ + উক্তি = পুনৰুক্তি
অন্তঃ + আত্মা = অন্তৰাত্মা
দুঃ + অৱস্থা = দুৰৱস্থা
দুঃ + ঘটনা = দুৰ্ঘটনা।
(চ) বিসৰ্গৰ পাছত ‘ৰ’ থাকিলে সিদ্ধ অৱস্থাত বিসৰ্গ লোপ পায় আৰু ‘ই’ কাৰান্ত উপসৰ্গ ‘ঈ’ কাৰান্ত হয়। উদাহৰণ–
নিঃ + ৰব = নীৰৱ
নিঃ + ৰস = নীৰস
নিঃ + ৰোগ = নীৰোগ।
(ছ) পুৰঃ’, নমঃ’, ‘তিৰঃ’- এই তিনিটা শব্দৰ পাছত ‘কৃ’ ধাতু থাকিলে শব্দ কেইটাৰ ‘ঃ’ (বিসৰ্গ) ৰ ঠাইত ‘স’ হয়। উদাহৰণ–
নমঃ + কাৰ = নমস্কাৰ
তিৰঃ + কাৰ = তিৰস্কাৰ
পুৰঃ + কাৰ = পুৰস্কাৰ।
অনুশীলনী
(১) সন্ধি বুলিলে কি বুজা ?
(২) অসমীয়া ভাষাত সন্ধিৰ কাম কি?
(৩) সন্ধি কেইবিধ আৰু সেইবোৰ কি কি?
(৪) সন্ধিৰ লক্ষণবোৰ কি কি?
(৫) স্বৰ সন্ধি বুলিলে কি বুজা? স্বৰ সন্ধিৰ নিয়মবোৰ আলোচনা কৰা।
(৬) ব্যঞ্জন সন্ধি বুলিলে কি বুজা? ব্যঞ্জন সন্ধিৰ নীতিবোৰ আলোচনা কৰা।
(৭) বিসৰ্গ সন্ধি বুলিলে কি বুজা? বিসৰ্গ সন্ধিৰ নিয়মবোৰ আলোচনা কৰা।
(৮) তলত দিয়া শব্দবোৰৰ সন্ধি ভাঙা ।
অনুষ্ঠান, অধোগতি, নিশ্চিত, মহোৎসৱ, পষেক, মতৈক্য, ক্ষমতাধীন, অনাৰ্য, শকাব্দ, ৰূপান্তৰ, পতঞ্জলি, ইতঃস্তত, মনীষা, কুলটা, গায়ক, অত্যন্ত, অতীন্দ্ৰিয়, সৰোবৰ, মনোহৰ নমস্কাৰ, দ্যুলোক, মৃন্ময়, উচ্ছেদ, পৰমাত্মা, অধীশ্বৰ, আকুণ্ঠ, অসীম, ইত্যাদি, সংস্থাপন, শিক্ষাগাৰ, সন্তাপ, সংযুক্ত, হৃষ্ট, উল্লেখ, সংস্কৃত। ০ ০ ০
সন্ধি । Conjunction in Assamese