Home Ass Grammar সমাস | Samas in Assamese 2024

সমাস | Samas in Assamese 2024

0

সমাস Samas in Assamese

সমাস | Samas in Assamese 2024

অৰ্থৰ সম্বন্ধ থকা দুটা বা অধিক পদ লগলাগি অৰ্থৰ বিসংগতি নঘটাকৈ এটা পদ হোৱাকেই সমাস (Compound) বোলে।  উদাহৰণ–

দুই মাহৰ সমাহাৰ = দোমাহী

ভৱ ৰূপ নদী = ভৱনদী

কাল ৰূপ চক্ৰ = কালচক্ৰ

তিনি ভূজৰ সমাহাৰ = ত্ৰিভূজ

Also Read Here:

সমাসে বাক্য চুটি আৰু শ্রুতিমধুৰ কৰে। সমাসত দুটা বা তাতোধিক শব্দৰ যোগ হয় আৰু  যি কেইটা পদ লগ লাগি সমাস হয় সেই পদকেইটাৰ প্ৰত্যেকটো পদকে সমস্যমান পদ বা ব্যস্তপদ বোলে।

ওপৰৰ উদাহৰণ – দুই মাহৰ সমাহাৰ (দোমাহী) – বাক্যাংশৰ প্ৰত্যেকটো পদেই একো একোটা সমস্যমান পদ বা ব্যস্ত পদ।

সম্বন্ধযুক্ত দুটা বা অধিক পদ লগলাগি যিটো পদ গঠিত হয়, সেইটোক সমস্ত পদ বুলি কোৱা হয়। উদাহৰণ–

চন্দ্ৰৰ নিচিনা মুখ = চন্দ্ৰমুখ

উক্ত উদাহৰণটোৰ ‘চন্দ্ৰৰ নিচিনা মুখ’ – এই ব্যস্ত পদ কেইটা লগলাগি হোৱা ‘চন্দ্ৰমুখ’ শব্দটো সমস্ত পদ।

সমস্যমান পদেৰে গঠিত বাক্য বা বাক্যাংশক ব্যাসবাক্য বোলে। ব্যাসবাক্যক বিগ্ৰহবাক্য বা সমাসবাক্য বুলিও কোৱা হয়।  উদাহৰণ–

পীত অম্বৰ যাৰ = পীতাম্বৰ

ওপৰৰ উদাহৰণটোৰ ‘পীত অম্বৰ যাৰ’ -এই বাক্যাংশখিনি ব্যাসবাক্য।

বৈশিষ্ট্য অনুযায়ী অসমীয়া সমাসক মুঠতে ছয়টা ভাগত ভাগ কৰা হৈছে, যথা–

(১) দ্বন্দ্ব সমাস

(২) দ্বিগু সমাস

(৩) বহুব্রীহি  সমাস

(৪) কৰ্মধাৰয় সমাস

(৫) তৎপুৰুষ সমাস আৰু

(৬) অব্যয়ীভাব সমাস। তলত এইবোৰৰ বিষয়ে  আলোচনা কৰা হ’ল।

দ্বন্দ্ব সমাস

দুটা বা অধিক  সংজ্ঞা (বিশেষ্য) পদ লগ হৈ পদবোৰৰ অৰ্থ প্ৰধানভাবে থকা সমাসকে দ্বন্দ্ব সমাস বোলে। দ্বন্দ্ব শব্দই দুটা সংজ্ঞা পদক সংযোগ সাধনক বুজায়। উদাহৰণ–

গছ আৰু লতা = গছ-লতা

শিক্ষক আৰু শিক্ষয়িত্ৰী = শিক্ষক-শিক্ষয়িত্ৰী

মাক আৰু বাপেক = মাক-বাপেক।

দ্বন্দ্ব সমাসক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে, যথা–

(ক) ইতৰেতৰ দ্বন্দ্ব সমাস

(খ) সমাহাৰ দ্বন্দ্ব সমাস আৰু

(গ) একশেষ দ্বন্দ্ব সমাস।

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

ইতৰেতৰ দ্বন্দ্ব সমাস

সমস্যমান পদবোৰৰ অৰ্থ একে থকা দ্বন্দ্ব সমাসক ইতৰেতৰ দ্বন্দ্ব সমাস বোলে।  উদাহৰণ–

আজি আৰু কালি = আজি-কালি

ডেকা আৰু গাভৰু = ডেকা-গাভৰু

ভাই আৰু ভনী = ভাই-ভনী।

সমাহাৰ দ্বন্দ্ব সমাস

সমস্ত পদে সমস্যমান পদৰ অৰ্থৰ উপৰিও সমষ্টিগত অৰ্থ প্ৰকাশ কৰা দ্বন্দ্ব সমাসক সমাহাৰ দ্বন্দ্ব সমাস বোলে। উদাহৰণ–

ঘৰৰ আম-কঁঠাল

নামৰ মাহ-চাউল

ঘৰৰ কাঁহী-বাটি।

ইয়াত সমস্তপদ হ’ল ‘আম-কঁঠাল’, কিন্তু এই সমস্ত পদ ‘আম-কঁঠাল’ -এ ‘আম-কঁঠাল’ৰ লগতে ঘৰৰ তামোল-পাণ, কল-নাৰিকল আৰু অন্যান্য ফল-মূলকো বুজাইছে। তেনেদৰে কাঁহী-বাটি’ সমস্ত পদে কাঁহী, বাটি, লোটা, ঘটি আদি বাচন-বৰ্তনক বুজাইছে। ঠিক তেনেদৰে মাহ-চাউল’ সমস্ত পদে নামত দিয়া মাহ, চাউল, কল, কুঁহিয়াৰ, চেনি আদি নানান উপাচাৰক বুজাইছে।

একশেষ দ্বন্দ্ব সমাস

সমস্যমান পদবোৰ মাথোঁ প্ৰথমটো  বহুবচনযুক্ত হৈ সমস্ত পদ গঠিত হোৱা দ্বন্দ্ব সমাসক একশেষ দ্বন্দ্ব সমাস বোলে।  উদাহৰণ–

ললিতা, ৰীণা, বীণা আৰু ৰানী = ললিতাহঁত

কৰিম, ৰহিম, হৰি = কৰিমহঁত।

দ্বিগু সমাস  

সংখ্যাবাচক পদ আগত বহি সমস্ত পদটোৱে একে জাতীয় বস্তুৰ সমষ্টিক বুজোৱা সমাসক দ্বিগু সমাস বোলে।

উদাহৰণ–

চাৰি ভূজৰ সমাহাৰ = চৰ্তভূজ।

দুই মাহৰ সমাহাৰ = দোমাহী।

পঞ্চ নদীৰ সমাহাৰ = পঞ্চনদ।

নৱ ৰত্নৰ সমাহাৰ = নৱৰত্ন।

তিনি ভূজৰ সমাহাৰ = ত্ৰিভূজ।

তিনি লোকৰ সমাহাৰ = ত্ৰিলোক। ইত্যাদি।

বহুব্রীহি সমাস 

সমাস সিদ্ধ সমস্ত পদে সমস্যমান পদবোৰৰ নিজস্ব অৰ্থ নুবুজাই  আন বিশেষ অৰ্থ বুজোৱা সমাসক বহুব্রীহি  সমাস বোলে। উদাহৰণ–

পদ্ম আছে নাভিত যাৰ = পদ্মনাভ (বিষ্ণু)।

ঢেঁকীয়া পাতৰ দৰে আচঁ আছে যাৰ = ঢেঁকীয়াপতীয়া।

বাঁহৰ পাতৰ দৰে পাত = বাঁহপতীয়া।

পুত্ৰ নাই যাৰ = অপুত্ৰক।

বিগত হৈছে শ্ৰদ্ধা যাৰ = বিতশ্ৰদ্ধ।

কৰ্ম নকৰে যি = অকৰ্ম।

বাঘে খাইছে যাক = বাঘে খোৱা।

নাহৰ ফুলৰ দৰে ফুটুক আছে যাৰ = নাহৰফুটুকী।

সহ উদৰত জন্ম যাৰ = সহোদৰ।

বীণা আছে পাণিত (হাতত) যাৰ = বীণাপাণি।

কুকুৰৰ নেজৰ দৰে নেজ আছে যাৰ = কুকুৰনেচীয়া।

স্থিৰ হৈছে প্ৰতিজ্ঞা যাৰ = স্থিৰ প্ৰতিজ্ঞ।

ৰজা নাই য’ত = অৰাজক।

বাটৰ মুখত থকা চ’ৰা = বাটচ’ৰা।

ফেঁচাৰ দৰে নাক = ফেঁচানকা।

চক্ৰ আছে পাণিত যাৰ = চক্ৰপাণি।

শূল আছে পাণিত যাৰ = শূলপাণি (সদাশিৱ)।

বৃক নামে অগ্নি আছে উদৰত যাৰ = বৃকোদৰ (ভীম)।

অন্ত নাই যাৰ = অনন্ত।

হত হৈছে ভাগ্য যাৰ = হতভাগ্য।

পুণ্ডৰীক (বগা পদুম)ৰ নিচিনা অক্ষি যাৰ = পুণ্ডৰীকাক্ষ।

নীল হৈছে অম্বৰ যাৰ = নীলাম্বৰ।

ঢোলৰ নিচিনা পেট যাৰ = ঢোলেপটীয়া।

হাত দীঘল যাৰ = হাত দীঘল।

নদী হৈছে মাতৃতুল্য যাৰ = নদীমাতৃক।

নেউলৰ দৰে মুখ যাৰ = নেউলমুৱা।

বেজিৰ দৰে জোঙা মুখ যাৰ = বেজীমুৱা। ইত্যাদি।

বহুব্রীহি সমাসৰ আকৌ  তিনিটা ভাগত ভাগ কৰা হৈছে,  যথা–

(ক) সমানাধিকৰণ বহুব্রীহি সমাস, (খ) ব্যধিকৰণ বহুব্রীহি সমাস আৰু (গ) ব্যতিহাৰ বহুব্রীহি সমাস।

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

(ক) সমানাধিকৰণ বহুব্রীহি সমাস

সমস্যমান বিশেষ্য আৰু বিশেষণ পদ একে বিভক্তিত থাকি দুয়োটাৰে সংযোগত গঠন হোৱা বহুব্রীহি সমাসক সমানাধিকৰণ বহুব্রীহি সমাস বোলে। উদাহৰণ–

পীত (হালধীয়া)  অম্বৰ (কাপোৰ ) যাৰ = পীতাম্বৰ

উক্ত উদাহৰণটোত  সমস্যমান পদ বা ব্যস্ত পদ (পীত) বিশেষণৰ দৰে ব্যৱহাৰ হৈছে আৰু অম্বৰ (কাপোৰ) ৰ লগত তুলনা বুজাইছে। গতিকে ই সমানাধিকৰণ বহুব্রীহি সমাস। সেইদৰে,

দীঘল হাত যাৰ = দীঘলহতীয়া।

নেউলৰ নিচিনা মুখ যাৰ = নেউলমুৱা।

বেজীৰ দৰে মুখ যাৰ = বেজীমুৱা।

ফেঁচাৰ দৰ নাক যাৰ = ফেঁচানকীয়া।

নাওঁৰ দৰে পেট যি = নাওঁপেটা।

বাঘৰ দৰে নেজ যাৰ = বাঘনেজীয়া।

কেৰা চকু যাৰ সি = কেৰাচকুৱা।

(খ) ব্যধিকৰণ বহুব্রীহি সমাস

যি বহুব্রীহি সমাসত সমস্যমান পদে অধিকৰণ অৰ্থ প্ৰকাশ কৰে তাকেই ব্যধিকৰণ বহুব্রীহি সমাস বুলি কোৱা হয়। বহুব্রীহি ব্যধিকৰণ সমাসত সমস্যমান পদ দুটা একে বিভক্তিত নাথাকে  আৰু এটা পদত সপ্তমী বিভক্তি যোগ হয়।উদাহৰণ–

পদ্ম আছে  নাভিত যাত = পদ্মনাভ।

শূল আছে পাণিত যাৰ = শূলপাণি।

বনত যি ভোজ হয় = বনভোজ।

বজ্ৰ আছে পাণিত (হাতত ) যাৰ = বজ্ৰপাণি। ইত্যাদি।

(গ) ব্যতিহাৰ বহুব্রীহি সমাস

পৰস্পৰ একে কাৰ্য বুজোৱা বহুব্রীহি সমাসক  ব্যতিহাৰ সমাস বোলে। উদাহৰণ–

চুলিয়ে চুলিয়ে কৰা যুঁজ = চুলিয়াচুলি।

পৰস্পৰে হাতে হাতে কৰা যুঁজ = হতাহতি।

সেইদৰে মৰামৰি, ৰক্তাৰক্তি, মুখামুখি, টনাটনি, দবৰাদবৰি, কটাকটি। ইত্যাদি।

কৰ্মধাৰয় সমাস

সমস্যমান পদবোৰ বিষেশ্য আৰু কেতিয়াবা বিশেষণৰূপে যুক্ত হৈ সিদ্ধ হোৱা সমাসক কৰ্মধাৰয় সমাস বোলে। কৰ্মধাৰয় সমাসত প্ৰথম পদটো বিশেষণ আৰু দ্বিতীয় পদটো বিশেষ্য হয়।  উদাহৰণ–

পিতল (বিশেষ্য) বৰণৰ যি চকু = পিতল চকু।

দীঘল (বিশেষণ) যি হাত (বিশেষ্য) = হাত দীঘল।

তেনেকৈ,

নীল যি মণি = নীলমণি।

চন্দ্ৰৰ নিচিনা মুখ = চন্দ্ৰমুখ।

মৰু যি ভূমি = মৰুভূমি।

কু যি আচাৰ = কাদাচাৰ।

কু যি পুৰুষ = কাপুৰুষ।

সাধু যি পুৰুষ = সাধু পুৰুষ।

ফটা যি কাপোৰ = ফটা কাপোৰ ।

কৰ্মধাৰয় সমাসত বিশেষ্য আৰু বিশেষণ পদবোৰ ব্যৱহাৰ হোৱাৰ কিছুমান নিয়ম আছে। যেনে–

প্ৰথমতে, কৰ্মধাৰয় সমাসত বিশেষণ পদ আগত বহে। যেনে–

পুণ্য (বিশেষণ) যি ভূমি = পূণ্য ভূমি।

দুষ্ট (বিশেষণ) যি বুদ্ধি = দুষ্ট বুদ্ধি।

বি: দ্ৰ: দুটা সংজ্ঞা পদ ব্যৱহাৰ হ’লে এটাক আনটোৰ বিশেষণ বুলি ধ’ৰা হয়। যেনে– স্বৰ্গদেৱ, পিতৃদেৱ, আইমাতৃ। ইত্যাদি।

দ্বিতীয়তে, দুটা বিশেষণ পদৰ ভিতৰতো কৰ্মধাৰয় সমাস হয়। যেনে– মৃদু-মধুৰ, ডাঙৰ-দীঘল, পৰমজ্ঞানী।

তৃতীয়তে কিছুমান কৰ্মধাৰয় সমাসত পিছত বহিবলীয়া পদ আগত বহে। যেনে–

পিটিকা যি আলু = আলুপিটিকা।

পোৰা যি মাছ = মাছেপাৰা।

ভজা যি আলু = আলুভজা।

সিদ্ধ যি আলু = আলুসিদ্ধ।

চতুৰ্থতে, স্বৰবৰ্ণ পিছত থাকিলে ‘কু’ৰ ঠাইত ‘কদ’ হয়। যেনে–

কু যি আকাৰ = কদাকাৰ।

কু যি আচাৰ = কদাচাৰ।

পঞ্চমতে, পুৰুষ শব্দ পিছত থাকিলে ‘কু’ বা ‘কা’ হয়। যেনে–

কু যি পুৰুষ = কাপুৰুষ।

ষষ্ঠতে, ‘অন্য’  শব্দৰ লগত ‘লোক’, দেশ’ আদি শব্দৰ কৰ্মধাৰয় সমাস হ’লে অন্য’ শব্দৰ ঠাইত ’অন্তৰ’ শব্দ হয় আৰু শব্দটোৰ পিছত বহে। যেনে–

অন্য যি দেশ = দেশান্তৰ।

অন্য যি লোক = লোকান্তৰ।

কৰ্মধাৰয় সমাসত সমস্যমান পদবোৰৰ কেতিয়াবা মাজৰ পদ আৰু কেতিয়াবা শেষৰ পদ লুপ্ত হোৱা লক্ষণলৈ চাই ইয়াক দুই ভাগত ভাগ কৰিব পাৰি, যথা–

(ক) মধ্যপদলোপী কৰ্মধাৰয় সমাস আৰু

(খ) অন্ত্যপদলোপী কৰ্মধাৰয় সমাস।

যি কৰ্মধাৰয় সমাসৰ ব্যাসবাক্য বাক্যৰ মধ্যস্থিত পদ লোপ পায় তাকে মধ্যপদলোপী কৰ্মধাৰয় সমাস বোলে।  উদাহৰণ–

গজৰ নিচিনা মূৰ্খ = গজমূৰ্খ।

পল মিশ্ৰিত অন্ন = পলান্ন।

সিংহ অংকিত আসন = সিংহাসন।

চন্দ্ৰৰ তুল্য (নিচিনা, দৰে ) বদন = চন্দ্ৰ বদন।

পদ্মৰ নিচিনা (দৰে, তুল্য) লোচন = পদ্মলোচন।

আনহাতে, যি কৰ্মধাৰয় সমাসৰ ব্যাস বাক্যৰ শেষ পদ লোপ পায় তাকে অন্ত্যপদলোপী কৰ্মধাৰয় সমাস বোলে।  উদাহৰণ–

চিন্তা অনলৰ নিচিনা = চিন্তানল।

মুখ চন্দ্ৰৰ নিচিনা = মুখচন্দ্ৰ। বিদ্যা

সাগৰৰ তুল্য = বিদ্যাসাগৰ।

বাক্য অমৃতৰ তুল্য = বাক্যামৃত।

জ্ঞান ৰত্নৰ তুল্য = জ্ঞানৰত্ন।

কৰ্মধাৰয় সমাসত সাধাৰণতে দুটা বস্তুৰ মাজত তুলনাকৰা  হয়। সেয়ে ইয়াক তিনি ভাগত ভাগ কৰিব পাৰি । যথা–

(ক) উপমান কৰ্মধাৰয় সমাস

(খ) উপমিত কৰ্মধাৰয় সমাস আৰু

(গ) ৰূপক কৰ্মধাৰয় সমাস।

উপমানবাচক পদৰ সৈতে সাধাৰণ গুণবাচক পদ লগ হৈ সিদ্ধ হোৱা কৰ্মধাৰয় সমাসক উপমান কৰ্মধাৰয় সমাস বোলে।  উদাহৰণ–

বিড়ালৰ দৰে তপস্বী = বিড়াল-তপস্বী।

গাখীৰৰ দৰে বগা = গাখীৰ-বগা।

কুসুমৰ দৰে কোমল = কুসুম-কোমল।

বজ্ৰৰ দৰে কঠিন = বজ্ৰ-কঠিন।

সেন্দুৰৰ দৰে ৰঙা = সেন্দুৰ-ৰঙা।

উপমান আৰু উপমেয় পদৰ মাজত সাদৃশ্য কল্পনা কৰি সিদ্ধ হোৱা কৰ্মধাৰয় সমাসক উপমিত কৰ্মধাৰয় সমাস বোলে।  উদাহৰণ–

জীৱন নৈৰ তুল্য = জীৱননৈ।

পানীৰ নিচিনা কেঁচুৱা = পানী-কেঁচুৱা।

মুখ পদ্মৰ নিচিনা = পদ্মমুখ।

চৰণ কমলৰ তুল্য = চৰণকমল।

বি: দ্ৰ: এটা বস্তু যাৰ লগত তুলনা কৰা হয় তাক উপমান আৰু যি বস্তুটো তুলনা কৰা হয় তাকে উপমেয় বা উপমিত বুলি কোৱা হয়।

আনহাতে, উপমান আৰু উপমেয়ক অভেদ ৰূপে  কল্পনা কৰি সিদ্ধ হোৱা কৰ্মধাৰয় সমাসক ৰূপক কৰ্মধাৰয় সমাস বোলে।  উদাহৰণ-

মুখ ৰূপ চন্দ্ৰ = চন্দ্ৰমুখ।

ভৱ ৰূপ নদী = ভৱনদী।

আনন্দ ৰূপ সাগৰ = আনন্দসাগৰ।

কাল ৰূপ চক্ৰ = কালচক্ৰ।

কোপ ৰূপ অগ্নি = কোপাগ্নি।

বিদ্যা ৰূপ ধন = বিদ্যাধন।

তৎপুৰুষ সমাস  

ব্যস্ত পদ দুটাৰ প্ৰথম পদটো প্ৰথমা বিভক্তিৰ বাহিৰে  আন বিভক্তিত থাকি সিদ্ধ হোৱা সমাসক তৎপুৰুষ সমাস বোলে। (‘তৎপুৰুষ’ মানে ‘ত’ ৰ সম্পৰ্কীয় পুৰুষ)। ব্যস্ত পদ দুটাৰ শেষৰটোৰ লিঙ্গ অনুযায়ী সমাসবদ্ধ পদটোৰ লিঙ্গ নিৰ্ণয় হয়।  উদাহৰণ–

মনেৰে সজা = মনেসজা।

ঋণৰ পৰা মুক্তি = ঋণমুক্তি।

ব্রতক পালন = ব্রত পালন।

প্ৰথম ব্যস্ত পদৰ বিভক্তি লোপ হোৱা অনুযায়ী তৎপুৰুষ সমাসক কৰ্তা কাৰকৰ প্ৰথমা বিভক্তিৰ বাহিৰে বাকী ছয় বিভক্তিৰ নাম অনুসৰি ছয়টা ভাগত ভাগ কৰিব পাৰি। যেনে–

(ক) দ্বিতীয়া তৎপুৰুষ

(খ) তৃতীয়া তৎপুৰুষ

(গ) চতুৰ্থী তৎপুৰুষ

(ঘ) পঞ্চমী তৎপুৰুষ

(ã) ষষ্ঠী তৎপুৰুষ আৰু

(চ) সপ্তমী তৎপুৰুষ।

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

(ক) দ্বিতীয়া তৎপুৰুষ: প্ৰথম ব্যস্ত পদৰ দ্বিতীয়া বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক দ্বিতীয় তৎপুৰুষ সমাস বোলা হয়।  উদাহৰণ–

মাতৃক পূজা = মাতৃপূজা।

চোৰক ধ’ৰা = চোৰ ধ’ৰা।

ভকতক সেৱা = ভকতসেৱা।

সাহাৰ্যক প্ৰাপ্ত = সাহাৰ্যপ্ৰাপ্ত।

স্বৰ্গক প্ৰাপ্তি = স্বৰ্গপ্ৰাপ্তি।

প্ৰাণক পণ = প্ৰাণপণ। লক্ষ্যক ভেদ = লক্ষ্যভেদ। ইত্যাদি।

(খ) তৃতীয়া তৎপুৰুষ: ব্যস্ত পদ দুটাৰ প্ৰথমটো তৃতীয়া বিভক্তি লোপ হৈ  সিদ্ধ হোৱা সমাসক তৃতীয়া তৎপুৰুষ সমাস বোলে। উদাহৰণ–

হাতেৰে বোৱা = হাতেবোৱা।

হাতেৰে সজা = হাতেসজা।

জুঁইৰে পোৰা = জুঁইয়েপোৰা।

কাণেৰে শুনা = কাণেশুনা।

ধূলিৰে ভ’ৰা = ধূলিভ’ৰা।

মনেৰে সজা = মনেসজা।

(গ) চতুৰ্থী তৎপুৰুষ: প্ৰথম ব্যস্ত পদৰ চতুৰ্থী বিভক্তি লোপ হৈ  সিদ্ধ হোৱা সমাসক চতুৰ্থী তৎপুৰুষ সমাস বোলে।  উদাহৰণ–

হোমলৈ খৰি = হোমখৰি।

ৰজালৈ কৰ = ৰাজকৰ।

গুৰুলৈ দক্ষিণা = গুৰুদক্ষিণা।

ঈশ্বৰলৈ সেৱা = ঈশ্বৰসেৱা।

গুৰুলৈ ভক্তি = গুৰুভক্তি।  ইত্যাদি।

(ঘ) পঞ্চমী তৎপুৰুষ: প্ৰথম ব্যস্ত পদ দুটাৰ প্ৰথমটোৰ পঞ্চমী বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক পঞ্চমী তৎপুৰুষ সমাস বোলে। উদাহৰণ–

যোগৰ পৰা ভ্ৰষ্ট = যোগভ্ৰষ্ট।

জন্মৰ পৰা অন্ধ = জন্মান্ধ।

ঋণৰ পৰা মুক্ত = ঋণমুক্ত।

গছৰ পৰা সৰা = গছসৰা।

লোকৰ পৰা ভয় = লোকভয়।

পদৰ পৰা চ্যুত = পদচ্যুত।

পাপৰ পৰা মুক্ত = পাপমুক্ত।

(ঙ) ষষ্ঠী তৎপুৰুষ: প্ৰথম ব্যস্ত পদৰ ষষ্ঠী বিভক্তি লোপ হৈ হোৱা সমাসক ষষ্ঠী তৎপুৰুষ সমাস বোলে। উদাহৰণ–

দেৱৰ আলয় = দেৱালয়।

পুথিৰ ভঁৰাল = পুথিভঁৰাল।

কন্যাৰ বুলন = কন্যাবুলন।

ৰজাৰ কোঁৱৰ = ৰাজকোঁৱৰ।

ৰজাৰ কাৰেং = ৰাজকাৰেং।

পিতৃৰ তুল্য = পিতৃতুল্য।

পৰৰ অধীন = পৰাধীন।

দেৱৰ তুল্য = দেৱতুল্য।

জুইৰ শাল = জুইশাল (জুহাল)।

(চ) সপ্তমী তৎপুৰুষ: ব্যস্ত পদৰ সপ্তমী বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক সপ্তমী তৎপুৰুষ সমাস বোলে। উদাহৰণ–

কাৰ্যত দক্ষ = কাৰ্যদক্ষ।

বনত বাস = বনবাস।

গছত পকা = গছপকা।

জপাত পুৰণি = জপাপুৰণি।

তলত সৰা = তলসৰা।

ঘৰত ওপজা = ঘৰওপজা।

ৰণত পণ্ডিত = ৰণপণ্ডিত।

খনিত জাত = খনিজাত।

দিনত কণা = দিনকণা।

বনত জাত = বনজাত।

ওপৰত আলোচনা কৰা ছয় প্ৰকাৰৰ তৎপুৰুষ সমাসৰ উপৰিও দুবিধ তৎপুৰুষ সমাস আছে, যথা–

(ক) উপপদ তৎপৰুষ সমাস আৰু (খ) নঞ্‌ তৎপুৰষ সমাস।

এই দুয়োবিধ তৎপুৰুষ সমাসৰ বিষয়ে সংক্ষেপ আলোচনা কৰা হ’ল।

(ক) উপপদ তৎপৰুষ সমাস: উপপদৰ সৈতে কৃদন্ত পদৰ সহযোগত সিদ্ধ হোৱা সমাসক উপপদ তৎপুৰুষ সমাস বোলে।  উদাহৰণ–

গৃহত থাকে যি = গৃহস্থ।

বনত বাস কৰে যি = বনবাসী।

অগ্ৰে জন্ম যাৰ = অগ্ৰজ।

জলত চৰে যি = জলচৰ।

পংকত জন্মে যি = পংকজ।

(খ) নঞ্‌ তৎপুৰষ সমাস: নিষেধ বা নঞ্‌ অর্থবোধক অব্যয়ৰ সৈতে বিশেষ্য বা বিশেষণ পদ লগলাগি সিদ্ধ হোৱা সমাসক নঞ্‌ তৎপুৰুষ সমাস বোলে। উদাহৰণ–

ন কাল = অকাল।

ন উন্নত = অনুন্নত।

ন ইচ্ছা = অনিচ্ছা।

ন ন্যায় = অন্যায়।

ন উচিত = অনুচিত।

ন লৌকিক = অলৌকিক।

অব্যয়ীভাব সমাস 

অব্যয় শব্দ আগত বহি সমীপ. পৰ্যন্ত, সমীপ্য, বীপ্সা, অভাৱ, সদৃশ্য, বিপৰীত আদি অৰ্থ প্ৰকাশ কৰিবলৈ সিদ্ধ হোৱা সমাসক অব্যয়ীভাৱ সমাস বোলে।  উদাহৰণ–

(ক) অভাৱ অৰ্থত–

সুখৰ অভাৱ = অসুখ।

আমিষৰ অভাৱ = নিৰামিষ।

ভিক্ষাৰ অভাৱ = দুর্ভিক্ষ।

বিঘিনিৰ অভাৱ = নির্বিঘ্ন।

ধৰ্মৰ অভাৱ = অধৰ্ম।

(খ) সমীপ্য অৰ্থত–

স্থানৰ সমীপ = উপস্থান।

কুলৰ উপ = উপকুল।

বনৰ সমীপ = উপবন।

(গ) পৰ্যন্ত অৰ্থত–

জীৱন পৰ্যন্ত = আজীৱন।

মৰণ পৰ্যন্ত = আমৰণ।

মূল পৰ্যন্ত = আমূল।

বাল বৃদ্ধ আৰু বণিতা পৰ্যন্ত = আৱালবৃদ্ধ-বণিতা।

জানু পৰ্যন্ত = আজানু।

(ঘ) বীপ্সা (পুনঃ পুনঃ) অৰ্থত–

ক্ষণে ক্ষণে = অনুক্ষণে।

ঘৰে ঘৰে = প্ৰতিঘৰে।

দিনে দিনে = প্ৰতিদিনে।

ক্ৰমে ক্ৰমে = অনুক্ৰমে।

(ঙ) সাদৃশ্য অৰ্থত–

মূৰ্তি সদৃশ = প্ৰতিমূৰ্তি।

ৰূপৰ সদৃশ = অনুৰূপ।

ধবনিৰ সদৃশ = প্ৰতিধবনি।

দ্বীপৰ সদৃশ = উপদ্বীপ।

(চ) উলংঘন অৰ্থত–

বিধিক অতিক্ৰম নকৰি = যথাবিধি।

শক্তিক অতিক্ৰম নকৰি = যথাশক্তি।

(ছ) যোগ্য অৰ্থত–

ৰূপৰ যোগ্য = প্ৰতিৰূপ।

(জ) পশ্চাৎ অৰ্থত–

পাছত যায় যি = অনুচৰ।

ক্ৰমৰ পাছত   ঞ্চ   অনুক্ৰম।

(ঝ) বিপৰীত অৰ্থত–

ফলৰ বিপৰীত = প্ৰতিফল।

অনুশীলনী

(১) সমাস বুলিলে কি বুজা ?

(২) অসমীয়াত সমাস  কেইবিধ  আৰু কি কি?

(৩) সমস্যমান পদ (ব্যস্তপদ) বুলিলে কি বুজা?

(৪) সমস্ত পদ বুলিলে কি বুজা?

(৫) ব্যাসবাক্য ( সমাস বাক্য বা বিগ্ৰহ বাক্য) বুলিলে কি বুজা?

(৬) বৈশিষ্ট্য অনুযায়ী অসমীয়া সমাসক কেই ভাগত ভাগ কৰা হৈছে?

(৭) দ্বন্দ্ব সমাস কাক বোলে?  উদাহৰণসহ আলোচনা কৰা।

(৮) দ্বিগু সমাস বুলিলে কি বুজা? উদাহৰণসহ আলোচনা কৰা।

(৯) বহুব্রীহি সমাস বুলিলে কি বুজা? উদাহৰণসহ আলোচনা কৰা।

(১০) বহুব্রীহি সমাস বুলিলে কি বুজা?

(১১) কৰ্মধাৰয় সমাস বুলিলে কি বুজা? উদাহৰণসহ আলোচনা কৰা।

(১২) তৎপুৰুষ সমাস বুলিলে কি বুজা? ইয়াক কেই ভাগত ভাগ কৰা হৈছে। আলোচনা কৰা।

(১৩) অব্যয়ীভাব সমাস বুলিলে কি বুজা? সূত্ৰ লিখি উদাহৰণ দিয়া।

(১৪) তলত দিয়া বিলাকৰ সমাসৰ নাম লিখি ব্যাসবাক্য ভাঙি দেখুৱা।

প্ৰতিফল, প্ৰতিদিন, ৰাজকোঁৱৰ, আজীৱন, ভৱনদী, হাতেবোৱা, চন্দ্ৰমুখ, জ্ঞানৰত্ন, হতাহতি, পদ্মনাভ, নৱৰত্ন, পঞ্চনদ, চুলিয়াচুলি, ৰমাহঁত, কাঁহী-বাটি, বজ্ৰপাণি, চুলিয়াচুলি, হিম-শীতল, কাণেশুনা, গৃহস্থ, উপকূল।

সামৰণিঃ

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Assamese Grammar Website দিয়াৰ বাবে, ওপৰৰ সমাস | Samas in Assamese যদি এই অনুচ্ছেদ টো পঢ়রী  আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব। ০ ০ ০

LEAVE A REPLY

Please enter your comment!
Please enter your name here