বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাকে সৰ্বনাম (Pronoun) বোলে।
সৰ্বনাম পদৰ শ্ৰেণী বিভাগ । Classification of Assamese Pronoun
বৈশিষ্ট্য অনুযায়ী অসমীয়া সৰ্বনাম পদবোৰক চাৰিটা ভাগত ভাগ কৰিব পাৰি, যথা–
(১) ব্যক্তিবোধক সৰ্বনাম ( Personal Pronoun)
(২) স্থানবোধক সৰ্বনাম (Pronominal Adverb of Place)
(৩) কালবোধক সৰ্বনাম (Pronominal Adverb of Time) আৰু
(৪) বিশেষণবোধক সৰ্বনাম (Pronominal Adjective)
তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।
ব্যক্তিবোধক সৰ্বনাম ( Personal Pronoun)
ব্যক্তি বা প্ৰাণীবাচক বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাকে ব্যক্তিবোধক সৰ্বনাম বোলে। উদাহৰণ–
মই, আমি, সি, সিহঁত, তাই, তোমালোক, তেখেত, তেখেতসকল, ইত্যাদি।
স্থানবোধক সৰ্বনাম (Pronominal Adverb of Place)
স্থানৰ নাম বুজোৱা বিশেষ্য পদৰ সলনি যি পদৰ ব্যৱহাৰ হয় তাকে স্থানবোধক সৰ্বনাম বোলে। উদাহৰণ–
ইয়াত, তাত, তালৈ, ক’লৈ, ইয়ালৈ ইত্যাদি।
কালবোধক সৰ্বনাম (Pronominal Adverb of Time)
কাল বা সময়ৰ নাম বুজোৱা বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা সর্বনামবোৰক কালবোধক সৰ্বনাম বোলে। উদাহৰণ–
আজি, এতিয়া, কালি, যেতিয়া, অহাকালি, পৰহি, সেইদিনা, সিদিনা ইত্যাদি।
বিশেষণবোধক সৰ্বনাম (Pronominal Adjective)
সংজ্ঞা শব্দৰ আগত যিবোৰ সৰ্বনামে সেই শব্দই বুজোৱা বস্তুক আন বস্তুৰ পৰা পৃথক কৰা বুজায় সেইবোৰক বিশেষণবোধক সৰ্বনাম বোলে। উদাহৰণ–
এনেদৰে, যিমান, তিমান, এনেকৈ, ইমান, যেনেকৈ, তেনেকৈ ইত্যাদি।
বি. দ্ৰ: ব্যক্তিবোধক সৰ্বনাম পদবোৰৰ বিভক্তি ৰূপ কৰোতে মূল শব্দৰ যি পৰিবৰ্তন ঘটে তাকে সৰ্বনামৰ তিৰ্যক ৰূপ (Oblique Form of Pronoun) বোলে । উদাহৰণ–
‘তুমি’ৰ ৰূপ ‘তোমাক’, ‘তোমালোকক’, ‘তোমাৰ’ আদি।
অনুশীলনী
(১) সৰ্বনাম কাক বোলে?
(২) বৈশিষ্ট্য অনুযায়ী সৰ্বনাম পদ কেই শ্ৰেণীত ভাগ কৰা হৈছে?
(৩) ব্যক্তিবোধক সৰ্বনাম বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।
(৪) স্থানবোধক সৰ্বনামবুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।
(৫) কালবোধক সৰ্বনাম বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।।
(৬) বিশেষণবোধক সৰ্বনাম বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।
(৭) সৰ্বনামৰ তিৰ্যক ৰূপ বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা। ০ ০ ০