Home ভূগোল আমুৰ | Amur

আমুৰ | Amur

0

আমুৰ | Amur

আমুৰ

আমুৰ হৈছে উত্তৰ-পূৱ এছিয়াৰ এখন নদী। ই 4,345 কিলোমিটাৰ দীঘল। এই নদীখনৰ আধা অংশই চীন আৰু ৰাছিয়াৰ সীমান্ত নিৰ্ধাৰণ কৰিছে।

দুখন দেশৰ সীমা নিৰ্ধাৰণ কৰা ই পৃথিৱীৰ বৃহত্তম নদী। চীনাসকলে ইয়াক ‘হেই-লাং-কিয়াং’ বুলিও কয়। এই নদী ৰাছিয়াৰ দক্ষিণ সীমান্ত থকা ইয়াব্লনই পাৰ্বত্য অঞ্চলৰ পৰা উৎপত্তি হৈছে আৰু উত্তৰ-পূৱ চীন আৰু পূব ছাইবেৰিয়াৰ মাজেৰে প্ৰৱাহিত এই নদীখন ৰাছিয়াৰ পূৱৰ ছাখালিন দ্বীপৰ ওচৰত ওখটস্ক সাগৰত পৰিছে।

আৰগুণ আৰু উছুৰি আমুৰৰ প্ৰধান উপনৈ। ৰাছিয়া আৰু চীন-এই দুয়োখন দেশৰ জলপৰিহণ আৰু জলবিদ্যুৎ উৎপাদনত নদীখনে বিশেষ অৰিহণা যোগাইছে। নদীখনৰ অৱবাহিকা অঞ্চলৰ কালি প্ৰায় 18,44,065 বৰ্গ কিলোমিটাৰ। 0 0 0.

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here