অনাতাঁৰ । Radio
অনাতাঁৰ । Radio
অনাতাঁৰ (Radio) হৈছে কোনোধৰণৰ তাঁৰৰ যোগাযোগ অবিহনেই সংকেত অথবা শব্দ দূৰলৈ প্ৰেৰণৰ এক বৈজ্ঞানিক পদ্ধতি। বিদ্যুৎ চুম্বকীয় তৰংগ প্ৰবাহৰ সহায়ত এনেধৰণৰ শব্দ-সংকেত প্ৰেৰণ কৰা হয়। শব্দ প্ৰেৰণ আৰু গ্ৰহণৰ এই যান্ত্ৰিক কৌশল 1895 চনত ইটালীৰ বিজ্ঞানী গুগ্লিয়েলমো মাৰ্কনিয়ে উদ্ভাৱন কৰে। সমসাময়িকভাৱে ভাৰতত জগদীশ চন্দ্ৰ বসু, ইংলেণ্ডত অলিভাৰ লজ, ইটালীত আগষ্ট ৰিঘি, ৰাছিয়াত আলেকজেণ্ডৰ পপভ, ফ্রান্সত অধ্যাপক ব্ৰেন্লি আদি বিজ্ঞানীয়ে শব্দ প্ৰেৰণ-গ্ৰহণৰ যান্ত্ৰিক কৌশল উদ্ভাৱনৰ চেষ্টা কৰিছিল যদিও মাৰ্কনিয়েহে প্ৰকৃতাৰ্থত এনে কৌশল উদ্ভাৱনত সফলতা লাভ কৰে। প্ৰথম অৱস্থাত অনাতাঁৰ সংযোগক অনাতাঁৰ টেলিগ্ৰাফ বোলা হৈছিল। কিন্তু পাচলৈ বিদ্যুৎ চুম্বকীয় তৰংগৰ বৃত্তাকাৰ প্ৰসাৰৰ ওপৰত ভিত্তি কৰি ইয়াৰ নাম ‘ৰেডিঅ’ ৰখা হয়। একেদৰে অনাতাঁৰ তৰংগৰ মাধ্যমেৰে কৰা পাৰস্পৰিক সংযোগ ব্যৱস্থাক ৰেডিঅ’ সংযোগ আখ্যা দিয়া হৈছে। 0 0 0.
You May Like: