Home ইতিহাস অৰুণাচল প্ৰদেশ

অৰুণাচল প্ৰদেশ

0

অৰুণাচল প্ৰদেশ

অৰুণাচল প্ৰদেশ

অৰুণাচল প্ৰদেশ হৈছে ভাৰতৰ উত্তৰ-পূব সীমান্তত অৱস্থিত ভাৰতৰ এটি অংগ ৰাজ্য। অৱস্থিতি প্ৰায় ২৬ ডিগ্ৰীৰ পৰা ২৯ ডিগ্ৰী উত্তৰ অক্ষৰেখা আৰু প্ৰায় ৯১ ডিগ্ৰীৰ পৰা ৯৭ ডিগ্ৰী পূব দ্ৰাঘিমা। ৰাজ্যখনৰ উত্তৰে চীন আৰু তিববত; পূবে ম্যানমাৰ; দক্ষিণে অসম আৰু পশ্চিমে ভূটান। আয়তনত এই ৰাজ্য উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভিতৰত সৰ্ববৃহৎ।

পাহাৰেৰে আবৰা অৰুণাচলৰ অসম-সংলগ্ন কিছু অঞ্চল সমতলভূমি। ৰাজ্যখনৰ দুই-তৃতীয়াংশৰ বেছি অঞ্চল অধিকাৰ কৰি আছে ধন বনাঞ্চলে। ৰাজ্যখনৰ জনসংখ্যাৰ সিংহভাগ বিভিন্ন জনজাতিৰ লোক। ৰাজ্যখনৰ জনবসতিৰ প্ৰায় ৭৫ শতাংশ লোক বিভিন্ন অনুসূচিত জনজাতিৰ। ইয়াৰ ভিতৰত প্ৰধান জনগোষ্ঠীকেইটা হ’ল–আদি, নিছি, আপাটানি, তাগিন, মিছিমি, খাম্‌টি, নকটে, ৱাঞ্চু, তাংছা, ছিংফৌ, মন্‌পা, ছেৰডুক্‌পেন, অকা ইত্যাদি। এই সকলোবোৰ জনগোষ্ঠীৰে আছে পৃথক পৃথক ভাষা বা উপভাষা। অৰুণাচলত ৮০ টা উপভাষা আৰু শাখা উপভাষা (দোৱান) প্ৰচলিত হৈ আছে।

ৰাজ্যখনৰ ৰাজধানী ইটানগৰ সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ২০০ মিটাৰ উচ্চতাত অৱস্থিত। ই এখন পাহাৰীয়া মনোৰম চহৰ। ইটানগৰতে আছে অৰুণাচল বিশ্ববিদ্যালয় আৰু নৰ্থ-ইষ্ট ৰিজঅ’নেল ইনষ্টিটিউট অব্‌ ছায়েন্স এণ্ড টেকন’লজী।

বৰ্তমানে ইটানগৰ চহৰখন দুটা ভাগত বিভক্ত–নাহৰলাগুন আৰু ইটানগৰ। নাহৰলাগুন পুৰণি চহৰ। ১৯৭৩ চনত ইটানগৰৰ সমীপত আন এখন চহৰ গঢ়ি তোলা হৈছে। ৰাজভৱন, সচিবালয়কে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ দপ্তৰ নিউ ইটানগৰত অৱস্থিত। উত্তৰ-পুৰ্বাঞ্চলৰ অন্যতম পৰ্যটক আকৰ্ষক কেন্দ্ৰ ইটানগৰলৈ যাতায়তৰ সুব্যৱস্থা আছে। আন ৰাজ্যৰ ব্যক্তি ৰাজ্যলৈ যাবলৈ হ’লে বিশেষ প্ৰৱেশ পত্ৰৰ প্ৰয়োজন হয়।

ৰাজধানী ইটানগৰৰ উপৰি বমডিলা, টাৱাং আদি আৰুণাচলৰ উল্লেখযোগ্য পৰ্যটক আকৰ্ষক স্থান। সেইদৰে পৰশুৰামকুণ্ড আৰু নামদফা ৰাষ্ট্ৰীয় উদ্যানও ৰাজ্যখনলৈ বহু পৰ্যটক আকৰ্ষণ কৰে।

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here